আজি ৯ ডিচেম্বৰ

➡️১৪৮৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত হিন্দী কবি-গায়ক দৃষ্টিহীন সুৰ দাসৰ জন্ম হৈছিল।
➡️১৬০৮ চনৰ ৯ ডিচেম্বৰ তাৰিখে ইংৰাজ ৰোমান্টিক কবি জন মিল্টনৰ জন্ম হৈছিল। ‘পেৰাডাইজ লষ্ট’ তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ।
➡️১৮২৫ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ বীৰ নায়ক তুলাৰামৰ জন্ম হৈছিল।
➡️১৮৯৮ চনৰ আজিৰ দিনটোতে বংগৰ প্ৰসিদ্ধ বেলুৰ মঠ নিৰ্মাণ হৈছিল।
➡️১৮৬৫ চনৰ ৯ ডিচেম্বৰ তাৰিখে জাৰ্মান বিজ্ঞানী ফ্ৰিটজ হাবেৰৰ জন্ম হৈছিল। ১৯১৮ চনত তেওঁ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ডে স্বাধীনতা লাভ কৰিছিল।
➡️১৯১৭ চনৰ ৯ ডিচেম্বৰত ব্ৰিটেইনৰ জেৰুজালেম অধিকাৰ।
➡️১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ ইটালীত জন্ম হৈছিল।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াৰ ৰাজ্যবোৰে স্বাধীনতা লাভ কৰাৰ পিছত ৰাছিয়া, বেলুৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কমনৱেলথ অব ইণ্ডিপেণ্ডেন্ট ষ্টেট (CIS) গঠনৰ চুক্তি কৰা হৈছিল।
➡️২০০৫ চনৰ ৯ ডিচেম্বৰ তাৰিখে বিশিষ্ট নাট্যকাৰ, কথা-সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.