১৮৭৭ চনৰ আজিৰ দিনটোতেই খ্যাতনামা উৰ্দু কবি,দাৰ্শনিক আৰু শিক্ষাবিদ ছাৰ মহম্মদ ইকবালৰ জন্ম হৈছিল। মুছলমানসকলৰ বাবে সুকীয়া ৰাষ্ট্ৰ গঠনৰ দাবীৰ তেওঁ আছিল মুখ্য প্ৰবক্তা।
১৯১৭ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক অক্টোবৰ বিপ্লৱৰ অন্তত ৰাছিয়াত শ্ৰমিক-কৃষকৰ প্ৰথমখন চৰকাৰ গঠন। লেনিন আছিল নৱগঠিত চৰকাৰখনৰ মুৰব্বী।
১৯১৭ চনৰ আজিৰ দিনটোতেই জাৰ্মানীক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা।
১৯২৯ চনৰ এই দিনটোতেই হাংগেৰীৰ ঔপন্যাসিক ইমৰে কাৰ্টেজৰ জন্ম হৈছিল। ২০০২ চনত তেঁও লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
১৯৮৮ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল জৰ্জ বুশ্ব।
১৯৮৯ চনৰ এই দিনটোতেই উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাজীৱ গান্ধীৰ দ্বাৰা ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন।
১৯৯০ চনৰ আজিৰ দিনটোতেই নেপালৰ ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহদেৱৰ নতুন সংবিধান প্ৰৱৰ্তন। দেশখনত দলহীন পঞ্চায়ত ব্যৱস্থাৰ অৱসান।
১৯৯৮ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি।
১৯৯৯ চনৰ আজিৰ দিনটোতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা কল্যাণ সিঙক অপসাৰণ কৰি ৰামপ্ৰকাশ গুপ্তাক নতুন মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব অৰ্পণ।
২০০০ চনৰ এই দিনটোতেই উত্তৰাঞ্চল (উত্তৰাখণ্ড) ৰাজ্য গঠন।
২০০১ চনৰ আজিৰ দিনটোতেই শ্বেয়াৰ কেলেংকাৰীত অভিযুক্ত হৰ্ষদ মেহতাক পুনৰ গ্ৰেপ্তাৰ।
২০০৩ চনৰ আজিৰ দিনটোতেই পুষ্পলতা দাসৰ দেহাৱসান।
২০০৫ চনৰ এই দিনটোতেই দেশৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ মৃত্যু।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৯ নৱেম্বৰ
Prev Post
Next Post
You might also like