আজি ৯ মে’

▶️আজি ইউৰোপ দিৱস।
▶️আজি চেক প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি বিশ্ব থেলাছমিয়া দিৱস।
▶️১৫৪০ চনৰ আজিৰ দিনটোতেই ৰাজপুত বীৰ,মেৱাৰৰ ৰজা ৰাণা প্ৰতাপ সিংহৰ জন্ম হৈছিল।
▶️১৮০০ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ দাস বিদ্ৰোহৰ অন্যতম নেতা জন ব্ৰাউনৰ জন্ম হৈছিল।
▶️১৮৫০ চনৰ এই দিনটোতেই ফৰাচী বিজ্ঞানী গে-লুছাকৰ (সম্পূৰ্ণ নাম যোছেফ লুই গে-লুছাক) মৃত্যু হৈছিল। ৰসায়নিক মিলনৰ ফলত বিভিন্ন গেছীয় সংমিশ্ৰণৰ আয়তনৰ পৰিৱৰ্তন বিষয়ক এটা বিশেষ সূত্ৰৰ আৱিষ্কাৰক ৰূপে লুছাক বিখ্যাত।
▶️১৮৬৬ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী গোপাল কৃষ্ণ গোখলেৰ জন্ম হৈছিল।
▶️১৮৭৪ চনৰ এই দিনটোতেই মুম্বাইত পোন প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামগাড়ীৰ প্ৰচলন আৰম্ভ হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই মাৰ্কিন অভিযাত্ৰী ৰিচাৰ্ড ই বেয়াৰ্ডৰ বায়ুপথেৰে উত্তৰ মেৰুলৈ সফল অভিযান। এয়াই আছিল উত্তৰ মেৰুৰ ওপৰেদি মানুহৰ প্ৰথম উৰণ।
▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই নিউয়ৰ্কত বিশ্বৰ প্ৰথমটো ‘নেত্ৰ বেংক’ প্ৰতিষ্ঠা।
▶️১৯৬৬ চনৰ এই দিনটোতেই পশ্চিম জাৰ্মানীক ৪-২ গ’লত পৰাজিত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবলৰ খিতাপ অৰ্জন।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই ভাৰতত প্ৰথম ইলেক্ট্ৰনিক টাইপ ৰাইটাৰৰ উৎপাদন আৰম্ভ।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই এভাৰেষ্ট জয়ী পৰ্বতাৰোহী টেনজিং নৰ্গেৰ ৭১ বছৰ বয়সত মৃত্যু ঘটিছিল। ১৯৫৩ চনত নৰ্গেই এডমাণ্ড হিলাৰীৰ সৈতে বিশ্বৰ প্ৰথম পৰ্বতাৰোহীৰূপে এভাৰেষ্টত আৰোহন কৰিছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই মধ্যম দূৰত্বৰ স্থল ক্ষেপনাস্ত্ৰ ‘পৃথ্বী’ৰ সফল পৰীক্ষণ।।

You might also like
Leave A Reply

Your email address will not be published.