নেচনেল ডেস্ক:
জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ জালত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তিনি হাইব্ৰিড সন্ত্ৰাসবাদী। খৱৰটো সদৰি কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। উত্তৰ কাশ্মীৰৰ বান্দিপৰা জিলাৰ হিজানৰ সদুনাৰা অঞ্চলত এজন প্ৰব্ৰজিত শ্ৰমিকৰ হত্যাৰ সৈতে জড়িত আছিল ধৃত সন্ত্ৰাসবাদীকেইটা। ধৃত সন্ত্ৰাসবাদী কেইটা ছাদুনাৰাৰ ৱাছিম আক্ৰাম, ইয়াৱাৰ ৰেয়াজ, আৰু মুজামিল শ্বেখ বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদী কেইটাৰ পৰা এটা পিষ্টলসহ সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে।।