ইউৰ’ কাপত অঘটন

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ইউৰ’ কাপত বৃহৎ অঘটন।খেলপথাৰতে ঢলি পৰিল ডেনমাৰ্কৰ মিডফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিকছেন। ইউৰ’ কাপ ২০২১ৰ ‘গ্ৰুপ বি’ৰ ফিনলেণ্ডৰ বিৰুদ্ধে এখন খেলৰ প্ৰথমাৰ্ধতে শ্বাসৰূদ্ধ হৈ ঢলি পৰা ফুটবলাৰ জনক খেলপথাৰতে CPR সংযোগ কৰিব লগা হয়। অন্যান্য সতীৰ্থ খেলুৱৈ সকলে ক্ৰিষ্টিয়ানক আগুৰি ধৰি অশ্ৰুসিক্ত প্ৰাৰ্থনাৰে চিকিৎসা প্ৰদানকাৰী মেডিকেল টীমক সহযোগ কৰে। সমগ্ৰ বিশ্ববাসীৰ প্ৰাৰ্থনাৰ মাজত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা খেলুৱৈজনৰ অবস্থা ক্ৰমাৎ সুস্থিৰ হোৱা বুলি ইউৰ’ কাপৰ আয়োজক সংস্থাই সদৰি কৰিছে।

এই দুৰ্ভাগ্যজনক আকস্মিক ঘটনাৰ লগে লগে ইউৰ’ কাপৰ ‘গ্ৰুপ বি’ৰ ডেনমাৰ্ক আৰু ফিনলেণ্ডৰ মাজৰ খেলখন বাতিল কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.