এটা যুগৰ অৱসান!

বিশিষ্ট সংগীত শিল্পী বেনাৰ্জী আৰু নাই

DIGITAL DESK: অসমীয়া সাংস্কৃতিক জগতখনলৈ এক দুঃখবৰ। কেতিয়াও উভতি নহাৰ বাটেৰে অজান দেশলৈ গুচি গ’লগৈ অসমৰ বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জী। সকলো সংগীতপ্ৰেমী তথা ৰাজ্যবাসীক কন্দুৱাই সোমবাৰে পুৱাৰ ভাগত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালক গৰাকীয়ে। জানিব পৰা মতে কিছুদিনৰ পৰা হাৰ্টৰ সমস্যা ভুগি আছিল বিশিষ্ট শিল্পী নন্দ বেনাৰ্জী। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যু সময়ত বয়স আছিল ৬৮ বছৰ ।মৃত্যু সময়ত তেওঁ পত্নী সান্তনা বেনাৰ্জী আৰু একমাত্ৰ পুত্ৰ শ্যামক এৰি থৈ যায়।

১৯৫৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰা বিশিষ্ট শিল্পীগৰাকীয়ে শৈশৱৰ পৰাই এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিল। তেখেতৰ পিতৃও সংগীতৰ লগত জড়িত আছিল ।শিল্পী গৰাকীৰ ভাৰতীয় শাস্ত্ৰীয় আৰু প্ৰাশ্চাত্য সংগীতৰ জ্ঞানৰ সম্ভাৰ প্ৰচুৰ আছিল। তেওঁ আছিল একাকাৰে গীতিকাৰ, সুৰকাৰ আৰু লগতে সংগীত পৰিচালকো। তেখেতে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ বহু সংখ্যক গীতৰ স্বৰলিপি কৰিছিল। বেনাৰ্জীয়ে বহু চিনেমাৰ লগতে থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা অন্তিমখন ছবি আছিল ‘জনকন্দিনী’ । সংগীত জগতৰ বাহিৰেও সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল শিল্পী গৰাকী । প্ৰথমে কমিউনিষ্ট পাৰ্টীৰ সৈতে জড়িত আছিল আৰু পাছলৈ প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত অসম গণ পৰিষদৰ উপ সভাপতি আৰু ভাষিক সংখ্যালঘু কোষৰ সভাপতি আছিল ।

ইফালে মৃত্যুৰ পূৰ্বে শিল্পীগৰাকীয়ে দেহৰ বহু কেইটা অংগ দান দি গৈছে । অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা সংগীত শিল্পী নন্দ বেনাৰ্জীৰ মৃত্যুৱে এতিয়া অসমীয়া সংগীত ক্ষেত্ৰখনলৈ গভীৰ শোকৰ ছাঁ পেলাইছে।তেখেতৰ মৃত্যুত NEBharat24 তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি।

You might also like
Leave A Reply

Your email address will not be published.