ইউৰিক এচিড কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানো আহক

জিকালি প্ৰায়ভাগ লোকৰে নানা ধৰণৰ ৰোগৰ সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত ইউৰিক এচিড এটা সচৰাচৰ দেখিবলৈ পোৱা সমস্যা। ইউৰিক এচিড কি আৰু কি কাৰণত এই ৰোগ বৃদ্ধি হয় আমি সকলোৱে জনা উচিত ।

ইউৰিক এচিড আমাৰ সকলোৰে দেহত থাকে কিন্তু যেতিয়া ইয়াৰ পৰিমাণ প্ৰয়োজনাধিক হয় তেতিয়া শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। ইউৰিক এচিডৰ এটা মূল কাৰণ হৈছে Oxidative Stress, যাৰ বাবে ইউৰিক এচিড বৃদ্ধি হয় ৷ অক্সিডেটিভ চাপক বিক্ৰিয়াশীল অক্সিজেন প্ৰজাতি (ফ্ৰী ৰেডিকেল) উৎপাদন আৰু এন্টিঅক্সিডেন্ট প্ৰতিৰক্ষাৰ মাজৰ ভাৰসাম্যৰ বিঘিনি হিচাপে সংজ্ঞায়িত কৰা হয়। কোষৰ ক্ষয় ক্ষতিৰ উপৰিও আন বিভিন্ন কাৰণত ইউৰিক এচিড বৃদ্ধি পায় ৷ প্ৰচুৰ পৰিমাণে পিউৰিন যুক্ত খাদ্য যেনে মাংস, মছলাযুক্ত খাদ্য, ফাষ্টফুড, পেকেটত ৰখা খাদ্য, ফুলকবি, ব্ৰুকলি, কিছুমান সাগৰীয় মাছ ইত্যাদি গ্ৰহণ কৰিলেও ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাব পাৰে ৷

ইউৰিক এচিড সাধাৰণ ৰোগ নহয় ইয়াৰ লগত অন্য ৰোগ সমূহৰো সম্পৰ্ক আছে ৷ উচ্চৰক্ত চাপ, কৰোণাইটিছ ডিজিজ আদিৰ লগত ইউৰিক এচিডৰ ওতঃপ্ৰোত সম্বন্ধ আছে। যিবোৰ ব্যক্তিৰ উচ্চ ৰক্তচাপ আছে, বা কাৰোবাৰ যদি ষ্ট্ৰক হৈছে, হৃদৰোগ হৈছে তেনেলোকৰ সাধাৰণতে ইউৰিক এচিডৰ পৰিমাণ প্ৰয়োজনীয়তকৈ বেছি হ’ব পাৰে ৷ তাৰোপৰি ডায়েবেটিচ, মেদবহুলতা আদিৰ বাবেও ইউৰিক এচিড বৃদ্ধি হোৱা দেখা যায় ৷

ইউৰিক এচিডৰ এটা লক্ষণ হৈছে বিষ ৷ এনে ক্ষেত্ৰত শৰীৰৰ বিভিন্ন আংশত বিষে দেখা দিয়ে। সাধাৰণতে বুঢ়া আঙুলিতো বহুত বিষ হয়, উখহি উঠে, ৰঙা পৰি উঠে ৷ সেয়ে বিষ অনুভৱ হলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি পৰীক্ষা-নিৰীক্ষা কৰিব লাগে ৷

আপুনিও যদি এই ৰোগত ভুগি আছে, তেন্তে এই বিশেষ তথ্য আপোনাৰ বাবে। ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে জানো আহকঃ

১) শৰীৰত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। হাইড্ৰেটেড হৈ থাকিলে ব্যক্তিয়ে ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰিব পাৰে, বৃক্কৰ কাৰ্য্যকলাপত সহায় কৰিব পাৰে, শৰীৰৰ ওজন পৰিচালনা কৰিব পাৰে আৰু সম্ভাৱনাময়ভাৱে বৃক্কৰ পাথৰ গঠন ৰোধ কৰিব পাৰে।

২) নিতৌ এটাকৈ কল খাব লাগে ৷ কল এবিধ সাধাৰণ ফল যদিও কল খালে তেজত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস পায় ৷ ইউৰিক এচিড বৃদ্ধিৰ সমস্যা থকাসকলৰ বাবে এই ফল উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। আচলতে এই ফলত পিউৰিন কম পোৱা যায়, যাৰ ফলত গাউটৰ সম্ভাৱনা কম হয়।

৩) আপেল খালেও ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস পায় । আপেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত তেজত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস পাব পাৰে।

৪) নেমু টেঙা , কমলা টেঙা আদি ভিটামিন চিৰ সমৃদ্ধ উৎস হিচাপে জনা যায়। ইয়াত ভিটামিন ই, ফলেট আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে যিয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনাও কমি যায়।

You might also like
Leave A Reply

Your email address will not be published.