নিৰ্বাচনী বণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

SBIয়ে কাইলৈ দাখিল কৰিব লাগিব নিৰ্বাচনী বণ্ডৰ তথ্য

১৫ ফেব্রুৱাৰীত নিৰ্বাচনী বণ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰি নিৰ্বাচন আয়োগক ১৩ মাৰ্চৰ ভিতৰত অনুদানৰ সবিশেষ ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল। লগতে ষ্টেট বেংক অৱ ইণ্ডিয়াক নিৰ্বাচনী বণ্ড সম্বন্ধীয় সকলো তথ্য ১৩ মাৰ্চৰ পূৰ্বেই দাখিল কৰাৰ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতেই SBI কৰ্তৃপক্ষই ৩০ জনুলৈ সময় বিচাৰি ন্যায়ালয়ৰ ওচৰত আবেদন কৰিছিল।
আজি এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কাইলৈৰ ভিতৰত SBIক নিৰ্বাচনী বণ্ড সন্দৰ্ভত সকলো তথ্য দাখিলৰ নিৰ্দেশ প্ৰদান কৰে। ১৫ মাৰ্চৰ বিয়লি ৫ বজাত নিৰ্বাচনী আয়োগৰ ৱেবচাইটত সকলো তথ্য প্ৰকাশৰো নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশৰ বাবে আজি পুনৰ SBIয়ে সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰাত উচ্চতম ন্যায়ালয়ে যোৱা ২৬ দিনে তেওঁলোকে কি কৰিলে বুলি কঠোৰ প্ৰশ্নবাণেৰে SBIৰ আবেদন খাৰিজ কৰে। কাইলৈৰ ভিতৰত SBIয়ে সকলো তথ্য দাখিল নকৰিলে চৰকাৰী বেংকটোৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰাৰো সকিয়নী দিয়ে উচ্চতম ন্যায়ালয়ে।

You might also like
Leave A Reply

Your email address will not be published.