গুৱাহাটীবাসীৰ বাবে সুখবৰ

দানী গ্ৰুপৰ ৬০ হাজাৰ কোটিটকীয়া প্ৰকল্পত অন্তৰ্ভূক্ত গুৱাহাটী।

ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ আদানী গ্ৰুপে লৈ আহিছে এক বিশেষ খবৰ। আদানী গ্ৰুপে অহা ৫ৰ পৰা ১০ বছৰৰ ভিতৰত দেশৰ ৭টা বিমানবন্দৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবদ আদানী গ্ৰুপে ব্যয় কৰিব মুঠ ৬০,০০০ কোটি টকা। দেওবাৰে কোম্পানীটোৰ পৰিচালন সঞ্চালক কৰণ আদানীয়ে জনোৱা মতে, ২০৪০ চনৰ ভিতৰত আদানি বন্দৰৰ দ্বাৰা পৰিচালিত বিমানবন্দৰসমূহৰ ক্ষমতা তিনিগুণলৈ বৃদ্ধি কৰা হ’ব।
আদানী এয়াৰপ’ৰ্টছ হোল্ডিংছ (এএএইচএল)ৰ চিইঅ’ অৰুণ বানছালে জনায় যে, ব্যয় কৰিবলৈ লোৱা ৬০,০০০টকাৰ ৩০,০০০ কোটি টকা ‘এয়াৰছাইড’ত ব্যয় কৰা হ’ব। বাকী ৩০,০০০ কোটি টকা ব্যয় কৰা হ’ব মুম্বাই, আহমেদাবাদ, লক্ষ্ণৌ, মংগালুৰু, গুৱাহাটী, জয়পুৰ, আৰু তিৰুৱনন্তপুৰমৰ বিমানবন্দৰৰ ‘চিটি চাইড’ত।

তদুপৰি অৰুণ বানছালে স্পষ্ট কৰি দিয়ে যে নভি মুম্বাই বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়নৰ বাবে আৱণ্টিত ১৮ হাজাৰ কোটি এই ৬০ হাজাৰ কোটিটকীয়া সম্প্ৰসাৰণ পৰিকল্পনাৰ অংশ নহয়।

দেওবাৰে লক্ষ্ণৌ বিমানবন্দৰত এটা নতুন টাৰ্মিনেল উদ্বোধন কৰি কৰণ আদানীয়ে কয় যে, আদানি গ্ৰুপে পৰিচালনা কৰা বিমানবন্দৰসমূহত বৰ্তমান বছৰি ১০-১১ কোটি যাত্ৰীৰ ক্ষমতা আছে, যিটো এই সম্প্ৰসাৰণ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত তিনিগুণলৈ বৃদ্ধি হ’ব।

You might also like
Leave A Reply

Your email address will not be published.