নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে মল্লিকাৰ্জুন খাৰ্গেই!

সমাগত লোকসভা নিৰ্বাচন। ইতিমধ্যে বহুকেইটা ৰাজনৈতিক দলে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। সমষ্টিয়ে সমষ্টিয়ে প্ৰতিদ্বন্দিসকলে বজাইছে নিৰ্বাচনী ৰণডংকা। লোকসভা নিৰ্বাচনৰ এই ধামখুমীয়াৰ মাজতে কংগ্ৰেছ দলৰ ভিতৰৰ পৰা অহা এটা খবৰে আচৰিত কৰিছে সকলোকে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাত বিৰোধীৰ মুৰব্বী নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা কম। দলটোক সন্মুখৰ পৰা প্ৰতিনিধিত্ব কৰি সমগ্ৰ দেশতেই নিৰ্বাচনী যুঁজত সমানে মনোনিৱেশ কৰাৰ স্বাৰ্থতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলটোৰ বিশেষ সূত্ৰই জানিবলৈ দিছে।

কংগ্ৰেছদলৰ আন নেতাসকলৰ মতে, যুদ্ধক্ষেত্ৰত সেনাপতি জন অনুপস্থিত থাকিব নোৱাৰে সেয়েহে তেওঁলোকে খাৰ্গেক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ পোষকতা কৰিছে। কিন্তু দলৰ প্ৰবীণ নেতা মল্লিকাৰ্জুন খাৰ্গেই এটা গুৰুত্বপূৰ্ণ দিশ দেখুৱাই কয় যে, দলৰটোৰ প্ৰধানজনে নিজৰ প্ৰচাৰত জড়িত নোহোৱাকৈ সমগ্ৰ দেশৰে নিৰ্বাচনী প্ৰচাৰৰ যত্ন ল’ব লাগিব।

মল্লিকাৰ্জুন খাৰ্গে কৰ্ণাটকৰ গুলবাৰ্গা সমষ্টিৰ বাবে এক সৰ্বসন্মত নাম আছিল। কিন্তু দলটোৰ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি মল্লিকাৰ্জুন খাৰ্গেৰ ঠাইত গুলবাৰ্গা সমষ্টিৰ পৰা তেওঁৰ জোৱায়েক ৰাধাকৃষ্ণণ ডোদ্দামণিকহে মনোনীত কৰাৰ সম্ভাৱনা আছে।

মল্লিকাৰ্জুন খাৰ্গে গুলবাৰ্গা সমষ্টিৰ পৰা পূৰ্বতে দুবাৰ কৈ জয়ী হোৱাৰ বিপৰীতে ২০১৯ চনত পৰাজিত হৈছিল। তেতিয়াৰ পৰা তেওঁ ৰাজ্যসভাত বিৰোধী দলৰ নেতা মুৰব্বী সাংসদৰূপে আছে। উচ্চ সদনত তেওঁৰ আৰু ৪ বছৰ বাকী আছে। খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী। জানিব পৰামতে, তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী নহয়। দৰাচলতে কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক মন্ত্ৰীক প্ৰাৰ্থীত্ব দিয়াৰ পৰা বিৰত আছে বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.