এল’ভেৰা বা ছালকুঁৱৰীৰ উপকাৰিতাৰ বিষয়ে জানেনে??

নিউজ ডেস্ক

ল’ভেৰাই আপোনাৰ ছালৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা আপোনাক দিব পাৰে উপশম।

ছালকুঁৱৰী বা আমি সকলোৱে জনা এটা নাম হৈছে এল’ভেৰা। এল’ভেৰা বহু ৰোগৰ বাবে মহৌষধ। এল’ভেৰাৰ পাতৰ ৰসত প্ৰচুৰ পৰিমানে আইৰণ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন-এ, বি, চি আৰু ফলিক এচিড পোৱা যায়। এল’ভেৰাৰ ৰসে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। খালি পেটত এল’ভেৰাৰ ৰস সদায় দুই-তিনি চামুচ খালে গেছ, এচিডিটি, কোষ্ঠকাঠিন্যতা, লিভাৰৰ সমস্যা আদিৰ ক্ষেত্ৰত উপকাৰ পোৱা যায়। নিয়মিয়াকৈ এল’ভেৰাৰ ৰস খালে পাচনতন্ত্ৰ শক্তিশালী হয়, হজম ক্ষমতা বাঢ়ে।তদুপৰি নিয়মিয়াকৈ এল’ভেৰাৰ ৰস খালে শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায়ক হয়। অৰ্শ ৰোগীয়ে এল’ভেৰাৰ ৰস ঘিউ মিহলাই খালে উপকৃত হয়। প্ৰস্ৰাৱৰ সমস্যা হ’লে এল’ভেৰাৰ ৰস চেনি বা মিচিৰি মিহলাই খালে সুফল পোৱা যায়। এল’ভেৰাৰ ৰস খালে কৃমিৰ সমস্যাও দূৰ হয়। উচ্চ ৰক্তচাপ আৰু মূৰৰ বিষত এল’ভেৰাৰ পাত পিচি মূৰত প্ৰলেপ দিলে আৰাম পোৱা যায়। পেটৰ অসুখত এল’ভেৰাৰ ৰস, মৌ ৰস আৰু নেমুৰ ৰস মিহলাই খালে উপকাৰ পোৱা যায়। এল’ভেৰাৰ পাতৰ ৰসে জুয়ে পোৰা, ৰ’দে পোৰা, খৰ-খজুৱতি , এলাৰ্জি আদি সমস্যাতো সুফল যোগায়।এল’ভেৰাৰ পাতৰ ৰস লগালে চুলি সৰা বন্ধ হোৱাৰ উপৰি উফিৰ সমস্যাও দূৰ হয়। আনহাতে কাণৰ বিষৰ ক্ষেত্ৰতো এল’ভেৰাৰ পাতৰ ৰস অলপ গৰম কৰি দুটোপাল মান লগাই দিলে আৰাম পোৱা যায়। গৰমৰ দিনত ছালত ওলোৱা ঘামুচিত এল’ভেৰাৰ ৰস লগালে সুফল পোৱা যায়।
মানৱ শৰীৰত এল’ভেৰাৰ উপকাৰিতাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। নিজকে ধুনীয়া কৰি ৰখা, শৰীৰক বিভিন্ন বেমাৰৰ পৰা নিৰুগী কৰি ৰখাৰ লগতে শৰীৰত দৰকাৰী ভিটামিন যোগান ধৰাত ই প্ৰচুৰ সহায় কৰে।।

You might also like
Leave A Reply

Your email address will not be published.