নিউজ ডেস্ক—
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত সোমবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১৮২ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৫৯ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৬ গৰাকী আক্ৰান্তৰ। সুস্থতাৰ হাৰ ৯৮.৬০ শতাংশ। বিগত ২৪ঘন্টাত আক্ৰান্তৰ হাৰ ০.৫০শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৮,৩০৬গৰাকী লোক। মৃত্যুমুখত পৰিছে ২১১ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৯,৭৬৩গৰাকী লোক। আৰোগ্যৰ হাৰ ৯৮.৩৫ শতাংশ। সুস্থতাৰ হাৰ ০.৯৪ শতাংশ।।