আজি ৭ ডিচেম্বৰ

➡️১৭৮২ চনৰ আজিৰ দিনটোতে হাইদৰ আলীৰ মৃত্যু হৈছিল। তেওঁৰ পুত্ৰ টিপু চুলতান মহীশূৰৰ চুলতান আছিল।
➡️১৮৫৬ চনৰ ৭ ডিচেম্বৰ তাৰিখে চৰকাৰীভাৱে ভাৰতত প্ৰথম বিধৱা বিবাহ আৰম্ভ হৈছিল।
➡️১৮৭৯ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী নেতা, প্ৰথম ভাৰতীয় গৱৰ্নৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ জন্ম হৈছিল।
➡️১৯০৬ চনৰ আজিৰ দিনটোতে সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম হৈছিল।
➡️১৯১৭ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা কৰা হৈছিল।
➡️১৯২১ চনৰ ৭ ডিচেম্বৰ তাৰিখে আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ মাজত শান্তি চুক্তি মৰ্মে আয়াৰলেণ্ডে স্বাধীনতা লাভ কৰিছিল।
➡️১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে সাংবাদিক-সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম হৈছিল।
➡️১৯৪১ চনৰ আজিৰ দিনটোতে মাৰ্কিন নৌ-ঘাটি পাৰ্ল হাৰ্বাৰৰ ওপৰত জাপানৰ বিমান আক্ৰমণ সংঘটিত হৈছিল।
➡️১৯৭২ চনৰ ৭ ডিচেম্বৰত কুৰি শতিকাৰ অন্তিমটো চন্দ্ৰ অভিযান।
➡️১৯৯২ চনৰ আজিৰ দিনটোতে অযোধ্যা-কাণ্ডৰ প্ৰতিক্ৰিয়াত বহু লোক নিহত হৈছিলে। লোকসভাৰ বিৰোধী নেতাৰ পদৰ পৰা লালকৃষ্ণ আদৱানিয়ে পদত্যাগ কৰিছিল।
➡️২০০৪ চনৰ ৭ ডিচেম্বৰ চাৰিখে আফগানিস্তানৰ প্ৰথমজন নিৰ্বাচিত ৰাষ্ট্ৰপতি ৰূপে হামিদ কাৰজাই শপত গ্ৰহণ কৰিছিল।
➡️১৮৯৮ চনৰ আজিৰ দিনটোতে কবি, নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ জন্ম হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতে উত্তৰাঞ্চল ৰাজ্যৰ নাম সলনি কৰি উত্তৰাখণ্ড কৰাত ৰাজ্যসভাই অনুমোদন জনাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.