ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৫৯১ গৰাকী লোক। ইয়াৰে ২৭৯ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ৪গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ১.৭২ শতাংশ।ৰাজ্যত এতিয়াও কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯৭৯গৰাকী ৰোগী ।

 

আনহাতে দেশত ক’ভিডৰ তৃতীয় জোৱাৰ। ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৯০,৯২৮ গৰাকী । মৃত্যুমুখত পৰিছে ৩২৫ গৰাকী আক্ৰান্ত। দৈনিক পজিটিভিটীৰ হাৰ ৬.৪৩ শতাংশ। বৰ্তমান ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২,৮৫,৪০১ গৰাকী ৰোগী।

You might also like
Leave A Reply

Your email address will not be published.