ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২৪ গৰাকী লোক। আক্ৰান্তসকলৰ ১৫ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, ৬ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ আৰু ৩ গৰাকী হোজাই জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৪.৬০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১২,২৪৯ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৩ গৰাকী আক্ৰান্তৰ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৮১,৬৮৭ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.