নিউজ ডেস্ক,এন ই ভাৰত
ৰাজ্যত সংক্রমণৰ হাৰ নিম্নগামী, মৃত্যুৰ হাৰ উৰ্ধ্বগামী। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৯২ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫,৭৬৭ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৯০৭ জন লোক, আক্ৰান্তৰ হাৰ ৫.৪ শতাংশ । আনহাতে দেশত তললৈ নামিল দৈনিক সংক্রমণ। দেশত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,০৮,৯২১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪,১৫৭ । সুস্থ হৈ ঘৰলৈ উভতিছে ২,৯৫,৯৫৫ জন।