নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২০২ গৰাকী লোক। আক্ৰান্তসকলৰ ২৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ২২ গৰাকী তিনিচুকীয়া জিলাৰ, ১৭ গৰাকী ডিব্ৰুগড় জিলাৰ, ১৫ গৰাকী কামৰূপ (গ্ৰাম্য) জিলাৰ আৰু ১৫ গৰাকী গোৱালপাৰা জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.৬৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫২ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৯,০৬২ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩৬ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৪৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৫,০৫৮ গৰাকী।