কান্দিছে মাথোঁ কান্দিছে!

গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত পৰিছে পৰীক্ষাৰ্থীসকল

পুনৰ বিপাঙত পৰিল অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ পৰীক্ষাৰ্থীসকল। মেট্ৰিকৰ গণিতৰ পৰীক্ষাত ভুল প্রশ্নৰে প্ৰশ্নকাকত প্রস্তুত
কৰি চাৰি লক্ষাধিক পৰীক্ষাৰ্থীক বিপাঙত পেলাই (ছেবা)ই সংঘটিত কৰিছে আজব কাণ্ড।

২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা মেট্ৰিকৰ গণিত পৰীক্ষাত একাংশ অবিবেকী শিক্ষক-বিষয়াৰ কুকৰ্মৰ ভোগ কৰিবলগীয়া হ’ল পৰীক্ষার্থীসকলে। গুৰুত্বপূৰ্ণ পৰীক্ষাৰূপে বিবেচিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰি একাংশ ছাত্র-ছাত্রীয়ে কান্দি কান্দি পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহিবলগীয়া হ’ল। ছেবাৰ এই নাভূত-নাশ্ৰুত কাণ্ডত ছাত্র-ছাত্রীৰ লগতে শিক্ষক-অভিভাৱকসকলো ক্ষোভত ফাটি পৰিছে।

পাঠ্যক্ৰম অনুসৰি প্রস্তুতি চলাই পৰীক্ষাত অবতীর্ণ হৈছিল যদিও পৰীক্ষাৰ প্ৰশ্নকাকত হাতত পৰাৰ পিচতেই পৰীক্ষাৰ্থীসকলৰ ভৰি তলৰ মাটি খহি পৰে। পাঠ্যক্ৰমৰ বাহিৰে অন্য তথা ভুল আৰু কঠিন প্রশ্নৰে ভৰি থকা প্রশ্নকাকতখন দেখি অধিকাংশ পৰীক্ষাৰ্থীয়ে বিপাঙত পৰে। সকলোৰে দুচকুত এতিয়া মাথোঁ বৈ আহিছে চকুপানী!

গণিতত অতি মেধাবীৰূপে পৰিচিত পৰীক্ষাৰ্থীসকলৰ বেছিভাগেই তিনি ঘণ্টাত ৯০ নম্বৰতকৈও অধিক প্ৰশ্নৰ উত্তৰ কৰাত ব্যৰ্থ হ’ল। আনকি যি প্ৰশ্ন পাঠ্যপুথিত উল্লেখ নাছিল সেয়াও আহিল পৰীক্ষাত।গণিতৰ পাঠ্যপুথিৰ পুনৰালোচনা অধ্যায়ৰ তৃতীয় খণ্ড পৰিমিত পাঠ্যক্ৰমত নাছিল যদিও পৰীক্ষাত সেই পাঠটোৰ পৰা প্ৰশ্নকাকতৰ ১২ আৰু ২১ নম্বৰ প্ৰশ্ন দুটা সন্নিৱিষ্ট হয়। সচৰাচৰ অহা প্রশ্নতকৈ এইবাৰ ২৪ শতাংশ নম্বৰৰ কঠিন প্রশ্ন প্ৰশ্নকাকতত সন্নিবিষ্ট হৈছে। ১১, ১২, ১৬, ৪৬, ৫৩, ৫৫, ৫৭, ৬১, ২১, ৩০ আদি নম্বৰৰ প্ৰশ্নবোৰ পৰীক্ষাৰ্থীৰ বাবে অতি কঠিনৰূপে বিবেচিত হৈছে।

তাৰ লগতে ৫৩, ৫৫, ৫৭ আৰু ৬১ নম্বৰ প্ৰশ্নকেইটা গণিতৰ পাঠ্যপুথিৰ অন্তর্গত নহয়। গণিতৰ পাঠ্যপুথিৰ ১৯৬ নং পৃষ্ঠাৰ অন্তৰ্গত জ্যামিতিৰ অনুশীলনী থকাৰ পিচতো প্রশ্নকাকতত প্রশ্নটো সন্নিৱিষ্ট হয়।

একাংশ শিক্ষক, গণিত বিশেষজ্ঞৰ মতে বস্তুনিষ্ঠ হিচাপে সন্নিবিষ্ট হোৱা ৪৫টা প্রশ্নৰ ৩০টাতে দীঘলীয়া সমাধানৰ প্ৰয়োজন হয়। তদুপৰি ১২ আৰু ১৬ নং প্রশ্ন দুটা দশম শ্রেণীৰ শিক্ষার্থীৰ বাবে নহয়েই।

একাংশৰ মতে প্রশ্নকাকতৰ ৪৬ আক ৫৯ নম্বৰ প্রশ্ন দুটা ভুল। ৫৫ নম্বৰ প্রশ্নটো পাঠ্যক্ৰমৰ বাহিৰৰ পৰা লোৱা হৈছে। আনহাতে অসামৰিক সেৱাৰ প্ৰতিযোগীতামূলক পৰীক্ষা বাবে প্ৰয়োজনীয় প্ৰশ্নোও সন্নিবিষ্ট হল পৰীক্ষাত।

এয়াই প্ৰথম বা দ্বিতিয় নহয়, ছেবাৰ প্রতিটো ভুলৰ বলি বাৰে বাৰে হ’বলগীয়া হয় ছাত্র-ছাত্রীসকল। এইবাৰ সেয়ে ছেবাই নিজৰ ভুল মানি পৰীক্ষাৰ্থীসকলক ন্যায় প্ৰদানৰ দিহা কৰিব লাগে বুলি দাবী কৰিছে বিভিন্ন দল সংগঠনে আৰু অভিভাৱকসকলে।

ইপিনে মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকতক লৈ শিক্ষার্থী আৰু অভিভাৱক মৰ্ম্মাঘাত আৰু ক্ষোভত ফাটি পৰাৰ সময়ত ৰহস্যজনকভাৱে নীৰৱ হৈ আছে সদৌ অসম ছাত্ৰ সন্থা (AASU)। সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৱে গণিতৰ প্ৰশ্নকাকতৰ সন্দর্ভত গ্রহণ কৰা এই নীৰৱতাই বহু প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকসকলত তথা ৰাজ্যবাসীক।

You might also like
Leave A Reply

Your email address will not be published.