মহাৰাষ্ট্ৰত বিৰোধী ঐক্যৰ আসন চুক্তি চূড়ান্ত

৪৮ ঘণ্টাৰ ভিতৰত ঘোষণা হ'ব প্ৰাৰ্থী তালিকা

হাৰাষ্ট্ৰত বিৰোধী মহা বিকাশ আগহাদী মিত্ৰজোঁটে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আসনৰ চুক্তি চূড়ান্ত কৰিছে।সূত্ৰৰ দ্বাৰা পোৱা তথ্য অনুসৰি বিৰোধী ঐক্যই  অহা ৪৮ ঘণ্টাৰ ভিতৰত আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত শিৱসেনা গোটে ৰাজ্যখনৰ ৪৮ খন আসনৰ ভিতৰত ২০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। কংগ্ৰেছে ১৮ খনত প্ৰতিদ্বন্দিতা কৰিব আৰু শৰদ পাৱাৰৰ নেতৃত্বত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৱে আন ১০ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিব।

তদুপৰি  পূৰ্বতে ৫খন আসন দাবী কৰা আঞ্চলিক দল বঞ্চিত বহুজন আঘাদীয়ে শিৱসেনাৰ অংশৰ পৰা ২খন আসন লাভ কৰিব। লগতে ৰাজু চেট্টী নামৰ নিৰ্দলীয় প্ৰাৰ্থী এজনক পাৱাৰৰ সংগঠনে সমৰ্থন জনাব।

You might also like
Leave A Reply

Your email address will not be published.