আজি ১ মাৰ্চ

➡️১৫৮২ খ্ৰীষ্টপূৰ্ব ৪৬ত জুলিয়াছ ছিজাৰে প্ৰৱৰ্তন কৰা কেলেণ্ডাৰৰ কিছু সাল-সলনি ঘটাই খ্ৰীষ্টীয় পোপ ত্ৰয়োদশ গ্ৰেগৰীৰআধুনিক ৰূপ প্ৰদান। বৰ্তমান প্ৰচলিত কেলেণ্ডাৰ ‘জুলিয়াছ এণ্ড গ্ৰেগৰিয়ান কেলেণ্ডাৰ’ নামে পৰিচিত।
➡️১৬৪০ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাদ্ৰাছত ব্য়ৱসায়িক কেন্দ্ৰ স্থাপনৰ অনুমতি লাভ। এই ঠাইৰ নাম কেইবাবাৰো সলনি হয়। প্ৰথমতে ইয়াৰ নাম আছিল ৰংগৰাজ পট্টনম, তাৰ পাছত চেন্না পট্টনম, তাৰ পাছত মাদ্ৰাছ পট্টনম আৰু শেষত মাদ্ৰাছ। ইয়াতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰে ছে’ন্ট জৰ্জ দুৰ্গ, যি পাছলৈ হোৱাইট টাউন নামে পৰিচিত হয়। এই অঞ্চলেই আছিল ইংৰাজে অধিকাৰ কৰা ভাৰতৰ প্ৰথম ভূখণ্ড।
➡️১৯০৮ জামছেদপুৰত ভাৰতৰ প্ৰথমটো ইস্পাত কোম্পানী ‘টাটা আইৰন এণ্ড ষ্টীল’ কোম্পানী প্ৰতিষ্ঠা। ১৯১১ চনৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হয়।
➡️১৯১৯ কুখ্য়াত ৰাওলাট আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ সত্য়াগ্ৰহ ঘোষণা।
➡️১৯৩২ সাহিত্য়িক লক্ষ্মীনন্দন বৰাৰ জন্ম।
➡️১৯৩৫ নাট্য়কাৰ, সাহিত্য়িক মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম।
➡️১৯৬৯ নতুন দিল্লী আৰু হাওৰাৰ মাজত অতি দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ ৰে’লসেৱা আৰম্ভ। এইখনেই ভাৰতৰ প্ৰথম ছুপৰফাষ্ট ৰে’ল।
➡️১৯৯২ বছনিয়া-হাৰজেগোৱিনাৰ স্বাধীনতা লাভ।
➡️১৯৯৯ দৈনিক বাতৰিকাকত ‘নতুন দৈনিক’ সৰু কলেৱৰত সান্ধ্য় দৈনিক ৰূপে প্ৰকাশ।

You might also like
Leave A Reply

Your email address will not be published.