‘দীপবীৰ’ৰ জীৱনলৈ আগমণ ন আলহীৰ

ৰণবীৰ-দীপিকাৰ জীৱনলৈ আহিব নতুন আলহী

‘দীপবীৰ’ৰ জীৱনলৈ আগমণ ন আলহীৰ

ৰণবীৰ-দীপিকাৰ জীৱনলৈ আহিব নতুন আলহী। ২৯ ফেব্রুৱাৰী পুৱাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে বলীউডৰ তাৰকা দম্পত্তিহালে। দিপীকা আৰু ৰণবীৰে নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফটো পোষ্ট কৰি তেওঁলোকৰ জীৱনৰ এই বিশেষ খবৰৰ কথা প্ৰকাশ কৰে। তেওঁলোকে পোষ্ট কৰা ফটোখনত “SEPTEMBER,2024” বুলি লিখা আছে, যিয়ে এইটো বুজাইছে যে, সকলো ঠিকেই থাকিলে ছেপ্তেম্বৰ মাহলৈ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিব দীপিকা আৰু ৰণবীৰে।

সামাজিক মাধ্যমত দীপিকা আৰু ৰণবীৰে এই খবৰ প্ৰকাশ কৰাৰ লগে লগে বলীউডৰ বহু তাৰকা শিল্পীৰ লগতে অনুৰাগীসকলে তেওঁলোকক শুভেচ্ছাৰে উপচাই দিয়ে। ২০১৮ চনত ৰণবীৰ আৰু দীপিকাই বিয়াৰ বান্ধোনত বান্ধ খাইছিল।

You might also like
Leave A Reply

Your email address will not be published.