ক’ৰনাৰ বাবে ভংগ এশ বছৰীয়া ৰীতি

নিউজ ডেস্ক-ভাৰত সেৱা আশ্ৰম সংঘত প্ৰথমবাৰৰ বাবে ভংগ হ’ল নিয়ম। এশ বছৰ ধৰি আশ্ৰমখনে ৰক্ষা কৰি অহা ৰীতি ভংগ কৰিবলৈ বাধ্য হ’ল। ভাৰত সেৱা আশ্ৰম সংঘই এশ বছৰীয়া ৰীতি ভংগ কৰি প্ৰচলন কৰিলে নিৰামিষৰ সলনি আমিষ আহাৰ। ক’ৰনা ৰোগীৰ বাবেই এই নিয়ম ভংগ কৰিব লগা হয় আশ্ৰমখনে। শুকুৰবাৰৰ পৰা আশ্ৰমখনত কোভিড হাস্পাতাল আৰম্ভ কৰা হয়। অক্সিজেনযুক্ত ২৫ খন বিচনাৰে আশ্ৰমখনত আৰম্ভ হয় কোভিড হাস্পাতাল। কোভিড ৰোগীসকলৰ বাবেই আশ্ৰমখনে প্ৰস্তত কৰিবলৈ বাধ্য হৈছে আমিষ খাদ্য। উল্লেখযোগ্য যে ১৯১৭ চনত স্বামী পৰমানন্দজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল আশ্ৰমখন। আৰু আশ্ৰমখনত তেতিয়াৰে পৰাই নিষিদ্ধ আছিল আমিষ আহাৰ।⬜⬜⬜

You might also like
Leave A Reply

Your email address will not be published.