চীনৰ ৰাষ্ট্ৰপতি পদত তৃতীয়বাৰৰ বাবে ছি জিনপিং!

নেশ্যনেল পিপলছ কংগ্ৰেছৰ প্ৰায় ৩০০০ সদস্যই সৰ্বসন্মতিক্ৰমে ছি জিনপিঙক ৰাষ্ট্ৰপতি পদৰ বাবে ভোটদান কৰে

ইন্টাৰনেচনেল ডেস্কঃ

চীনৰ ৰাষ্ট্ৰপতি পদত তৃতীয়বাৰৰ বাবে ছি জিনপিং। চীনৰ নেশ্যনেল পিপলছ কংগ্ৰেছ (এনপিচি)ৰ প্ৰায় ৩০০০ সদস্যই সৰ্বসন্মতিক্ৰমে ছি জিনপিঙক ৰাষ্ট্ৰপতি পদৰ বাবে ভোটদান কৰে। ৰাষ্ট্ৰপতি নিৰ্বাচনত জিনপিঙক প্ৰতিদ্বন্দীতা কৰিবলৈ নাছিল আন কোনো প্ৰাৰ্থী। চীনৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ হিচাপেও তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয় ছি জিনপিং।

উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ছি জিনপিঙে পুনৰ অভিলেখ সৃষ্টি কৰি তৃতীয়টো পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ লগে লগে মাও জেডুঙৰ পিছতে দেশখনৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে ছি জিনপিঙে।।

You might also like
Leave A Reply

Your email address will not be published.