ছত্তীশগড়ত IED বিস্ফোৰণ!

ছত্তীশগড়ত অব্যাহত আছে মাওবাদীৰ কূটাঘাটমূলক কাৰ্যকলাপ

নেচনেল ডেস্ক:

দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মাওবাদীৰ আক্ৰমণৰ ঘটনা। ছত্তীশগড়ত অব্যাহত আছে মাওবাদীৰ কূটাঘাটমূলক কাৰ্যকলাপ।

শেহতীয়াকৈ ছত্তীশগড়ৰ বিজাপুৰৰ নেলচনাৰৰ সমীপত সংঘটিত হৈছে IED বিস্ফোৰণৰ ভয়ংকৰ ঘটনা । জানিব পৰা মতে, সেনাই নিষ্ক্ৰিয় কৰিবলৈ লোৱাৰ সময়তে বিস্ফোৰণ হয় IEDটো। বিস্ফোৰণত গুৰুতৰভাৱে আহত এগৰাকী জোৱান। আহত জোৱানজনক দান্তেৱাড়াত প্ৰাথমিক চিকিত্‍সাৰ অন্তত উন্নত চিকিৎসাৰ বাবে চৌপাৰৰ পৰা ৰায়পুৰলৈ প্ৰেৰণ কৰে। আঘাটপ্ৰাপ্ত জোৱানজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, চলিত মাহত ৰাজ্যখনৰ কেইবাটাও স্থানত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সা-সামগ্ৰী।।

You might also like
Leave A Reply

Your email address will not be published.