গুৱাহাটীৰ হাতীগাঁৱত চাঞ্চল্যকৰ ঘটনা

এটা নলাৰ পৰা উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ

নিউজ ডেস্ক:

গুৱাহাটীৰ হাতীগাঁৱত চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে পুৱা এটা নলাৰ পৰা উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ। অবশ্যে লোকজনৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত স্পষ্ট হোৱা নাই ।

আজি পুৱা হাতীগাঁও অঞ্চলৰ ৩ নং বাই লেন গোল্ডেন পথৰ নলাৰ পৰা উদ্ধাৰ হয় মৃতদেহটো। প্ৰথমে স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। পিছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অবাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.