ভ্ৰান্ত ধাৰণাৰ বাবেই সুগন্ধি কেতেকীৰ স্থান নোহোৱা হৈছে নেকি বাগিচাত?

জানো আহক কিয় বাগিচা বা ঘৰৰ কাষত ৰোপণ কৰা নহয় কেতেকী ফুল?

নিউজ ডেস্ক:

ভ্ৰান্ত ধাৰণাৰ বাবেই সুগন্ধি কেতেকীৰ স্থান নোহোৱা হৈছে নেকি বাগিচাত? জানো আহক কিয় বাগিচা বা ঘৰৰ কাষত ৰোপণ কৰা নহয় কেতেকী ফুল?

ফুল প্ৰকৃতিৰ অন্যতম সুন্দৰ সৃষ্টি। ফুল কেৱল ধুনীয়াই নহয়, বহু সংস্কৃতি আৰু পৰম্পৰাতো আছে ইয়াৰ বিশেষ তাৎপৰ্য্য । ফুলৰ সৌন্দৰ্য্য অতুলনীয়।
কিন্তু বৰ্তমানেও এবিধ ফুলক কুলষিত বুলি গণ্য কৰা হয় অসমীয়া সমাজত ৷ এই ফুলবিধ হৈছে কেতেকী। চ’ত মাহৰ শেহৰভাগত ফুলিবলৈ আৰম্ভ কৰে সুগন্ধি কেতেকী ফুল ৷ বহাগ মাহৰ মাজভাগলৈকে কিছু কিছু স্থানত দেখিবলৈ পোৱা যায় কেতেকী ফুল ৷ বছৰত কেৱল বসন্ত ঋতুতহে ফুলে এই মনোমোহা সুগন্ধিযুক্ত কেতেকী ফুল ৷ কেতেকী ফুলৰ গছ দেখিবলৈ প্ৰায় মাটিকঠাল গছৰ দৰে ৷দীঘল দীঘল পাতৰ দুয়ো কাষে থাকে কাইট ৷ মূলগছৰ গুৰিৰ পৰাই পোখা মেলি কেতেকী গছৰ সংখ্যা বৃদ্ধি হয় ৷ এবাৰ ফুলাৰ পিছত সেইডাল মূল গছত আৰু ফুল নুফুলে ৷ মূল গছৰ কোঁহৰ পৰা পাতল হালধীয়া ৰঙৰ কলিটো ওলোৱাৰ পিছত প্ৰায় এঘন্টাৰ ভিতৰতে সম্পূৰ্ণকৈ ফুলি উঠে ফুলপাহ ৷ ফুলপাহ ফুলাৰ লগে লগে সুগন্ধি বিয়পি পৰে চৌপাশে ৷ প্ৰায় পাঁচশ মিটাৰ দূৰলৈকে বিয়পি পৰে সুগন্ধি ৷

কিন্ত এতিয়া প্ৰশ্ন হয়- কিয় বাগিচা বা ঘৰৰ কাষত ৰোপণ কৰা নহয় কেতেকী ফুল ?
অসমীয়া সমাজত প্ৰচলিত অনুসৰি কেতেকী ফুলৰ গোন্ধত সাপ আহে, বিষাক্ত ফেটী সাপে বাঁহ লয় কেতেকী ফুলৰ গুৰিত ৷ অভিশপ্ত কেতেকী ফুল ৰুব নেপায় বাৰীত ৷ আমাৰ মাজত থকা ভ্ৰান্ত ধাৰণাৰ বাবেই আজি কেতেকীৰ স্থান নাই আমাৰ আটোম-টোকাৰি বাগিচাখনত অথবা ঘৰৰ কাষত ৷ যদিওবা আজিৰ প্ৰজন্মৰ অচিনাকি-অপৰিচিত কেতেকী, তথাপিও কিন্তু নিজান বনত কেতেকীয়ে বিলাই আছে বসন্তৰ সুৱাস ৷
সাধাৰণতে নিজান বনত ফুলে কেতেকী ৷ আনহাতে পৰিচৰ্য্যাৰ অভাৱত জাৱৰ-জোঠৰেৰে ভৰি পৰে গছজোপাৰ গুৰি অংশ,গতিকে সাপে বাঁহ লোৱাটো সাধাৰণ কথা। যদি বাগিচা বা ঘৰৰ কাষত কেতেকী গছজোপা ৰোপণ কৰি মাজে সময়ে অন্য ফুলগছৰ দৰে প্ৰতিপাল বা চাফচিকুণ কৰি থাকে তেন্তে সকলোৱে বসন্তত উপভোগ কৰিব পাৰে কেতেকীৰ সুৱাস।

শাস্ত্ৰজ্ঞ সকলৰ মতে- এবাৰ স্বয়ং শম্ভু শিৱলিংগৰ আদি আৰু অন্তৰ সীমা নিৰ্ধাৰণৰ বাবে ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত সূত্ৰপাত হয় বিবাদৰ ৷ সীমা নিৰ্ণয়ৰ বাবে ব্ৰহ্মা ওপৰলৈ আৰু বিষ্ণু তললৈ যাত্ৰা আৰম্ভ কৰিলে ৷ দীৰ্ঘ সময় যাত্ৰা কৰাৰ পিছত শম্ভু লিংগৰ একো উৱাদিহ নেপালে দুয়ো ৷ ইয়াৰ মাজতে ব্ৰহ্মাই সৰগীয় সুষমাৰে ফুলি থকা কেতেকীক লগ পাই সহায় বিচাৰিলে ৷

কেতেকীয়ে নিজৰ গৰিমা বঢ়াবৰ বাবে শিৱৰ শিৰত নিজৰ স্থিতি বুলি দেৱসমাজক মহাদেৱক ক’বলৈ ক’লে ৷ এই কথাত ক্ষুন্ন হৈ মহাদেৱে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবে কেতেকীক অভিশাপ দিলে যে কেতেকী কোনোদিনে অৰ্চনাত ব্যৱহাৰ হ’ব নোৱাৰিব ৷
অৱশেষত ভগৱান বিষ্ণুৰ অনুৰোধত কেতেকী ফুলক কেৱল মহাশিৱৰাত্ৰীত শিৰত ধাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে৷ ইয়াৰ পিছতো কিন্তু সৰগীয় কাননত স্থান নেপালে কেতেকীয়ে ৷

সেয়ে আজিও কেতেকী ফুলক অভিশপ্ত ফুল বুলিয়েই গণ্য কৰে সকলোৱে৷ অবশ্যে এইয়া কেৱল মানুহৰ এক ভ্ৰান্ত ধাৰণাহে৷।

You might also like
Leave A Reply

Your email address will not be published.