Assam| Prime Minister Narendra Modi: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বাস, বিকাশ আৰু গৌৰৱোজ্বলৰ ১২ বছৰ

গুৱাহাটী, ১০ জুন ২০২৬ঃ ৪,৩৯৯ দিনৰ ঐতিহাসিক যাত্রা স্বাধীন ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ গণতান্ত্রিক ইতিহাসত আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল দেশবাসী। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে নির্বাচিত প্রধানমন্ত্রী হিচাপে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৪,৩৯৮ দিনৰ অভিলেখ অতিক্ৰম কৰিলে। ইয়াৰ জৰিয়তে তেওঁ স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বাধিক সময় ধৰি কাৰ্যনিৰ্বাহ কৰা নির্বাচিত প্রধানমন্ত্রী হিচাপে নতুন অভিলেখ স্থাপন কৰিলে। দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ৰূপে একেৰাহে ১২ বছৰ সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বিজেপি অসম প্ৰদেশৰ পৰিয়ালৰ তৰফৰ পৰা সভাপতি দিলীপ শইকীয়াই হৃদয়পূর্বক অভিনন্দন জ্ঞাপন কৰিছে।

আজি বিজেপি ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত মুখপাত্র মিতা নাথ বৰাই কয় যে, এই অভূতপূর্ব সফলতা কেৱল ব্যক্তিগত সফলতা নহয়, ই হৈছে ১৪০ কোটি ভাৰতীয়ৰ আস্থা, বিশ্বাস আৰু উন্নয়নমুখী ৰাজনীতিক সমর্থনৰ প্ৰতিফলন। ২০১৪ চনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই ভাৰতক বিশ্ব মঞ্চত এক আত্মবিশ্বাসী, শক্তিশালী আৰু উদীয়মান শক্তি হিচাপে প্রতিষ্ঠা কৰিছে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত দৰিদ্ৰ কল্যাণক শাসনৰ কেন্দ্ৰবিন্দু হিচাপে গ্রহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত প্রতিমাহে ৮১ কোটিতকৈ অধিক লোকক বিনামূলীয়া খাদ্যশস্য যোগান ধৰা হৈছে। ৪ কোটিতকৈ অধিক পকী গৃহ নিৰ্মাণৰ জৰিয়তে পিএম আৱাস যোজনাই লাখ লাখ পৰিয়ালৰ সপোন পূৰণ কৰিছে।

https://adtu.in/
ADVERTISEMENT

১০.৫ কোটিতকৈ অধিক উজ্জ্বলা গেছ সংযোগে মহিলা আৰু পৰিয়ালসমূহক ধোঁৱামুক্ত জীৱন দিছে। ১২ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণৰ জৰিয়তে ভাৰতক মুক্ত শৌচ ব্যৱস্থাৰ পৰা মুক্ত কৰা হৈছে। মোদী চৰকাৰৰ বিগত ১২ বছৰত মহিলাসকলৰ সামাজিক, আর্থিক আৰু ৰাজনৈতিক ক্ষমতায়নৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচিত হৈছে। ৩২ কোটিতকৈ অধিক জনধন বেংক একাউন্ট মহিলাৰ নামত মুকলি কৰা হৈছে। সশস্ত্র বাহিনীত মহিলাৰ স্থায়ী নিয়োগ আৰু নেতৃত্বৰ সুযোগ নিশ্চিত কৰা হৈছে। ৩ কোটিতকৈ অধিক “লাখপতি বাইদেউ” গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰাম্য অর্থনীতি শক্তিশালী কৰা হৈছে। ৯১ লাখতকৈ অধিক আত্মসহায়ক গোটৰ জৰিয়তে ১০ কোটিতকৈ অধিক গ্রাম্য মহিলা আর্থিকভাবে স্বাৱলম্বী হৈছে। উন্নত আন্তঃগাঁথনিৰে গঢ়ি উঠিছে নতুন ভাৰত। মোদীৰ শাসনত আন্তঃগাঁথনি উন্নয়নক ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভিত্তি হিচাপে ধৰা হৈছে।

দেশৰ ৮ খন চহৰত ১,১০০ কিলোমিটাৰতকৈ অধিক মেট্ৰ’ নেটৱৰ্ক গঢ়ি উঠিছে। অটল সেতু, সুদর্শন সেতু, চেনাব ৰে’ল সেতু, বগীবিল সেতু আৰু পাম্বান সাগৰীয় সেতুৰ দৰে বৃহৎ প্রকল্পসমূহে আধুনিক ভাৰতৰ সক্ষমতাৰ প্রতীক হৈ উঠিছে। ২০১৪ চনত ৭৪টা বিমানবন্দৰ থকা দেশত আজি বিমানবন্দৰৰ সংখ্যা ১৬৪ লৈ বৃদ্ধি পাইছে, যাৰ ফলত আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বিকাশে নতুন গতি লাভ কৰিছে। যুৱ শক্তিক দিয়া হৈছে নতুন ডেউকা প্রদান কৰা হৈছে। যুৱ সমাজক আত্মনিৰ্ভৰ আৰু দক্ষ কৰি তুলিবলৈ প্রায় ২ কোটি যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্রদান কৰা হৈছে। মুদ্রা যোজনাৰ অধীনত ৪০ লাখ কোটিতকৈ অধিক টকাৰ ঋণ বিতৰণ কৰা হৈছে। দেশত ২.২ লাখতকৈ অধিক স্টার্টআপ গঢ়ি উঠিছে।

১০,০০০ তকৈ অধিক অটল টিংকাৰিং লেবৰ জৰিয়তে উদ্ভাৱন আৰু বৈজ্ঞানিক চিন্তাধাৰাক উৎসাহিত কৰা হৈছে। স্বাস্থ্যসেৱাত বৈপ্লবিক পৰিৱৰ্তনৰ সূচনা কৰা হৈছে আয়ুষ্মান ভাৰতৰ জৰিয়তে ৬০ কোটিতকৈ অধিক লোকক স্বাস্থ্য সুৰক্ষাৰ আওতালৈ অনা হৈছে। ৭০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা নিশ্চিত কৰা হৈছে। তাৰোপৰি দেশজুৰি ১৯,০০০ তকৈ অধিক জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সাধাৰণ মানুহে ৯০ শতাংশ পর্যন্ত কম মূল্যত ঔষধ লাভ কৰিছে।

শক্তিশালী ভাৰত, সুৰক্ষিত ভাৰতৰ মন্ত্ৰেৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত নতুন শিখৰ স্পৰ্শ কৰিছে। কংগ্ৰেছৰ শাসনত আমদানি নিৰ্ভৰ দেশে প্রায় ৩৮,৪০০ কোটি টকাৰ অভিলেখসংখ্যক প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছে। সন্ত্রাসবাদ, বিচ্ছিন্নতাবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে কঠোৰ অভিযানৰ ফলত দেশ এক নক্সালমুক্ত ভাৰতৰ দিশে আগবাঢ়িছে। উপনিবেশিক মানসিকতাৰ পৰা মুক্তি দি ৰাজপথক “কৰ্তব্য পথ”লৈ ৰূপান্তৰ, নতুন সংসদ ভৱন, আৰু ছত্রপতি শিৱাজী মহান আদৰ্শৰে অনুপ্রাণিত ভাৰতীয় নৌসেনাৰ নতুন ধ্বজে আত্মগৌৰৱ আৰু সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্রতীক হিচাপে আত্মপ্রকাশ কৰিছে।

কৃষকৰ কল্যাণৰ নতুন মন্ত্ৰেৰে ‘পিএম-কিষাণ’ যোজনাৰ অধীনত কৃষকসকলৰ একাউণ্টত ৪.৩ লাখ কোটিতকৈ অধিক টকা প্রত্যক্ষভাৱে জমা কৰা হৈছে। ৪ কোটিতকৈ অধিক কৃষকে ২ লাখ কোটিতকৈ অধিক টকাৰ শস্য বীমা সুৰক্ষা লাভ কৰিছে। নুন্যতম সমর্থন মূল্যৰ অধীনত ২৬ লাখ কোটিতকৈ অধিক টকাৰ শস্য ক্ৰয় কৰা হৈছে। ৮ কোটিতকৈ অধিক কৃষকক কিষাণ ক্রেডিট কার্ড প্রদান কৰা হৈছে।

মধ্যবিত্তৰ আশা-আকাংক্ষাক ডেউকা প্রদান কৰি মোদী চৰকাৰে মধ্যবিত্ত পৰিয়ালৰ আৰ্থিক বোজা হ্রাস কৰাৰ বাবে কৰ ব্যৱস্থাত একাধিক সংস্কাৰ কৰিছে। ১২.৭৫ লাখ টকা পর্যন্ত বার্ষিক আয় কৰমুক্ত কৰাৰ ব্যৱস্থাই কোটি কোটি পৰিয়ালক উপকৃত কৰিছে। উড়ান আঁচনিৰ অধীনত ১.৬ কোটিতকৈ অধিক যাত্রীয়ে সুলভ বিমান যাত্ৰাৰ সুবিধা লাভ কৰিছে। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এমবিবিএছ আসনৰ সংখ্যা ১৫১ শতাংশ বৃদ্ধি পাই প্রায় ১.৩ লাখত উপনীত হৈছে। ঐতিহ্য আৰু বিকাশৰ সমন্বয়েয়েৰে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ভাৰতৰ সাংস্কৃতিক পুনৰুজ্জীৱনৰ এক নতুন অধ্যায় সূচিত হৈছে। অযোধ্যাত ভগৱান শ্ৰী ৰামৰ জন্মভূমিত বিশাল ৰাম মন্দিৰ নিৰ্মাণ, কাশী বিশ্বনাথ ধামৰ পুনর্নির্মাণ, মহাকাল মহালোক আৰু কেদাৰনাথ ধামৰ উন্নয়নে ভাৰতীয় সভ্যতাৰ গৌৰৱ পুনঃপ্রতিষ্ঠা কৰিছে। বিকশিত ভাৰত ২০৪৭ ৰ দিশে ধাৱমান ভাৰতবৰ্ষৰ বাবে ৪,৩৯৯ দিনৰ এই যাত্রা কেৱল সময়ৰ পৰিমাপ নহয়, ই হৈছে সুশাসন, উন্নয়ন, আত্মবিশ্বাস আৰু ৰাষ্ট্ৰীয় পুনৰুত্থানৰ এক গৌৰৱময় কাহিনী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বৰ অন্যতম দ্রুত বিকাশশীল অর্থনীতি, এক উদীয়মান কূটনৈতিক শক্তি আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে আত্মপ্রকাশ কৰিছে। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রচেষ্টা’ৰ মূলমন্ত্ৰৰে অনুপ্রাণিত এই যাত্রাই দেশক ‘বিকশিত ভাৰত ২০৪৭’ৰ লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবঢ়াই লৈ গৈছে। ৪,৩৯৯ দিনৰ এই ঐতিহাসিক সফলতা ভাৰতৰ গণতান্ত্রিক শক্তি, জনআস্থা আৰু উন্নয়নমুখী নেতৃত্বৰ এক উজ্জ্বল নিদর্শন হিচাপে ইতিহাসত স্বর্ণাক্ষৰে লিপিবদ্ধ হৈ থাকিব।

বিগত ১২ বছৰত অসমৰ শান্তি আৰু উন্নয়ন অভূতপূর্বভাৱে বৃদ্ধি পাইছে। উগ্রপন্থী ঘটনা ৭৬ শতাংশ হ্রাস পাইছে, মৃত্যুৰ সংখ্যা ৯০ শতাংশ আৰু নাগৰিক মৃত্যুৰ সংখ্যা ৯৭ শতাংশ হ্রাস পাইছে। বড়ো চুক্তি, কার্বি চুক্তি আৰু আদিবাসী তথা অন্যান্য গোটসমূহৰ সৈতে শান্তি চুক্তিৰ জৰিয়তে, বহুকেইটা উগ্রপন্থী সংগঠনৰ প্ৰায় ১০,০০০ যুৱক-যুৱতীয়ে অস্ত্র সম্বৰণ কৰিছে। অসম এতিয়া দ্রুতগতিত উন্নয়নশীল ৰাজ্যসমূহৰ ভিতৰত অন্যতম। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প, নামৰূপ ইউৰিয়া প্ৰকল্প, ২০,০০০ কিলোমিটাৰ পথ উন্নয়ন, কুৰুৱা-নাৰেংগী, কাজিৰঙা এলিভেটেদ ক’ৰিডৰ, গহপুৰ-নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথে উন্নয়নৰ দিশত আৰু এখোজ আগবাঢ়িব। ২০১৬ চনৰ পৰা ২০২৬ চনলৈকে অসমত মেডিকেল কলেজৰ সংখ্যা ৬ খনৰ পৰা ২৪ খনলৈ বৃদ্ধি পাইছে। সাংস্কৃতিক ক্ষেত্রতো অসমে নতুন গতি লাভ কৰিছে। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ স্বীকৃতি দিয়াৰ লগতে চৰাইদেও মৈদাম UNESCO বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি পাইছে। বিহু, ঝুমুৰ আৰু বাগৰুম্বা নৃত্যই বিশ্বত উজলি উঠিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ এই গৌৰৱোজ্জ্বল ১২ বছৰৰ উপলক্ষে বিজেপি অসম প্রদেশে সমগ্ৰ ৰাজ্যজুৰি বৃক্ষৰোপণ, স্বচ্ছতা অভিযান, প্রগতি পথ যাত্রা, যোগ শিবিৰ, জনকল্যাণ শিবিৰ আদি কাৰ্যসূচী গ্ৰহণ কৰিব। প্রায় ৩২,০০০ বুথ সমিতিয়ে বন্তি প্রজ্বলন কার্যসূচীত অংশগ্রহণ কৰে। গুৱাহাটীস্থিত কামাখ্যা মন্দিৰসহ ৰাজ্যৰ বিভিন্ন ধর্মীয় স্থানত এই কার্যসূচী অনুষ্ঠিত হয়। আজি প্ৰধানমন্ত্ৰী গৰাকীৰ এই সেৱাৰ অভিলেখ, আৰু আগন্তুক দিনৰ বাবে আৰু অধিক কাৰ্য কৰিব পাৰে তাৰ বাবে আশিষ বিছাৰি ৰাজ্যৰ কৰ্মদক্ষ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাজধানী নতুন দিল্লীত পূজা অর্চনাত অংগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মা কামাখ্যাৰ শ্ৰী চৰণত পূজা অর্পণ কৰি তেখেতৰ সু-স্বাস্থ্যৰ লগতে দীর্ঘায়ু কামনা কৰাৰ লগতে মা কামাখ্যাই অধিক শক্তি প্রদান কৰি তেখেতক কর্মময় জীৱন সুদীর্ঘ হোৱাৰ কামনা কৰি মা কামাখ্যাৰ পৱিত্ৰ দেৱালয় প্রাঙ্গনত অনুষ্ঠিত হ’বলগা মহা আৰতি অনুষ্ঠানত অংশগ্ৰহণ কৰে।

(কল্যাণ গগৈ)
মুখপাত্র
ভাৰতীয় জনতা পার্টি, অসম প্রদেশ

You might also like
Leave A Reply

Your email address will not be published.