নিউজ ডেক্সঃমঠঘৰীয়াত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ ৰহস্য ফাদিল হৈছে। নুনমাটি আৰক্ষীয়ে ৩ যুৱতীৰ মৃত্যুৰ পোষ্টমৰ্টেম ৰিপোৰ্ট লাভ কৰাৰ পিছতেই ৰহস্য ফাদিল হৈছে। আৰক্ষীয়ে পৰিয়ালৰ লোকৰ হাতত পোষ্টমৰ্টেম ৰিপোৰ্ট তুলি দি পথ দুৰ্ঘটনাৰ ফলতেই তেওঁলোকৰ মৃত্যু হোৱা বুলি অৱগত কৰে। পিছে এই মৃত্যু সাধাৰণ মৃত্যু নাছিল। চালক ছামিম আহমেদে পৰিকল্পিতভাৱে হত্যা কৰিছিল তিনি যুৱতীক বৰ্তমানে উক্ত গোচৰৰ পৰা ছামিম আহমেদ জামিনত মুকলি হৈ আছে যদিও যুৱতীৰ মৃত্যুৰ ঘটনাই বিপদত পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আৰক্ষীয়ে নিজৰ প্ৰতিবেদনত ছামিমৰ ন্যস্ত স্বাৰ্থ জড়িত থকাৰ ইংগিত দিছে। কিয় যুৱতী ৩ গৰাকীক হত্যা কৰিলে সেই লৈ এতিয়াও ৰহস্য ফাদিল হোৱা নাই যদিও নতুন এক গোচৰ ৰুজু কৰি ছামিম আহমেদক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ যে, যোৱা ২৫ এপ্ৰিল পুৱতি নিশা ৪ বজাত ASO1 GP 0562 নম্বৰৰ তীব্ৰ বেগী গাড়ী খনে মঠঘৰীয়াত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল। ফলত তিনি গৰাকী যুৱতী নিহত হৈছিল আৰু চালক ছামিম আহমেদে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
নিহত যুৱতী তিনি গৰাকী হৈছে শিৱসাগৰ সোনাৰীৰ আকাংশা শইকীয়া (২৩), গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা (২৬) আৰু বঙাইগাঁৱৰ ২ নং নোৱাপাৰাৰ আৰমিনা আহমেদ। দুৰ্ঘটনা সংঘটিত কৰা চালক ছামিম আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও সম্প্ৰতি জামিনত মুকলি আকাশৰ তললৈ ওলাই আহিছে। আৰক্ষীয়ে এতিয়া
ছামিম আহমেদৰ ক্ষেত্ৰত কি নীতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।