বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক আটক!

লণ্ডনলৈ পলায়ন কৰিবলৈ যোৱা সময়তে আটক কৰে অমৃতসৰ বিমানবন্দৰত

নেচনেল ডেস্ক:

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক আটক। বৃহস্পতিবাৰে লণ্ডনলৈ পলায়ন কৰিবলৈ যোৱা সময়তে আটক কৰে অমৃতসৰ বিমানবন্দৰত । লণ্ডনলৈ যোৱা বিমানখন ১:৩০ বজাত যাত্ৰা কৰাৰ কথা আছিল। বিশেষ সূত্ৰই জনোৱা মতে, কিৰণদ্বীপক সম্প্ৰতি শুল্ক বিভাগৰ বিষয়াই সোধা-পোছা কৰি আছে।

পঞ্জাৱ আৰক্ষীৰ সূত্ৰ অনুসৰি কিৰণদ্বীপ ব্ৰিটেইনৰ নাগৰিক তথা পাছপ’ৰ্টধাৰী। অবশ্যে পঞ্জাৱ বা দেশৰ কোনো প্ৰান্তত কিৰণদ্বীপৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই। আনহাতে অমৃতপালৰ পত্নী কিৰণদ্বীপ কৌৰ ব্ৰিটেইনত থকাৰ সময়ত বাব্বৰ খালছা ইণ্টাৰনেশ্যনেলৰ সক্ৰিয় সদস্য হোৱা সন্দৰ্ভত পঞ্জাৱ আৰক্ষী বা কেন্দ্ৰীয় সংস্থাসমূহত কোনো সুনিৰ্দিষ্ট প্ৰমাণ বা এফআইআৰ পঞ্জীয়ন হোৱা নাই। যি আইনী প্ৰক্ৰিয়াৰ অধীনত পলায়ন কৰা অভিযুক্তৰ পৰিয়াল আৰু চিনাকি লোকক সোধা-পোছা কৰা হয়, সেই প্ৰক্ৰিয়াৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে কিৰণদ্বীপ কৌৰক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অমৃতপাল সিঙে ব্ৰিটেইনৰ প্ৰবাসী ভাৰতীয় কিৰণদ্বীপ কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ফেব্ৰুৱাৰী মাহত অমৃতপালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত কিৰণদ্বীপ কৌৰে পঞ্জাৱলৈ আহে। শেহতীয়াকৈ অমৃতপালৰ পূৰ্বপুৰুষৰ গাঁও জল্লুপুৰ খেদাত বাস কৰিছিল কিৰণদ্বীপ কৌৰে।।

You might also like
Leave A Reply

Your email address will not be published.