জীয়ৰীৰ বিৱাহ সম্পন্ন কৰি ঘৰ নাপালেগৈ পিতৃ-মাতৃ

 

নেচনেল ডেস্ক:

ঝাৰখণ্ডত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৫গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় আন ১৪ গৰাকীকৈ লোক। কন্যাৰ বিৱাহ সম্পন্ন কৰি এখন পিক-আপ ভানত ঘৰলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাত মৃত্যু হয় পিতৃ-মাতৃসহ ৫গৰাকীকৈ লোকৰ। জানিব পৰা মতে, মঙলবাৰে নিশা ঝাৰখণ্ডৰ গুমলা জিলাৰ দুমৰী আৰক্ষী থানাৰ অন্তৰ্গত জাৰ্ডা গাঁৱৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

আৰক্ষীয়ে জনোৱা অনুসৰি সদৰ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা আহতসকলৰ ১১ জনৰ অৱস্থা অতি সংকটজনক। মৃত লোক সকলক ক্ৰমে বিৰান্তি দেৱী, সুন্দৰ দয়াল, এৰ্ণিছ কিণ্ডো, সবিতা নাগেচিয়া আৰু আলচুৱে নাগেচিয়া বুলি চিনাক্ত কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.