আজি দিনৰ ২ বজাত ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক:

জি দিনৰ ২ বজাত ঘোষণা হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষাসমুহ। ছেবাৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ’ব ১১,৫১০ টা পদৰ ফলাফল । উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ১১ মে’ত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। নৱনিযুক্ত সকলে এই বছৰৰ ১ জুনৰ পৰা তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ত যোগদান কৰিব পাৰিব। স্নাতক পদৰ বাবে ৭,৪১৪টা পদত বাছনি। ৩,৪০৮ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৭২৬ গৰাকী OBC, ৪৮০ গৰাকী SC, ৭৫১ ST(P)ৰ, ৬৮৩ EWS, ২৪৪ গৰাকী PWBD, ১২২ এক্স ছাৰ্ভিছমেন আৰু ১,৭৮৩ গৰাকীক RFW পদত বাছনি কৰিছে নিযুক্তি আয়োগে। আনহাতে ৪ মে’ত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

You might also like
Leave A Reply

Your email address will not be published.