কেডবেৰী চকলেটত লিষ্টেৰিয়াৰ আতংক!

কেডবেৰী চকলেট৷ লিষ্টেৰিয়াৰ আশংকাৰ বাবে বৃটেইনৰ দোকানে দোকানে হাজাৰ হাজাৰ কেডবেৰী সামগ্ৰী বৰ্জন কৰা হৈছে

ইন্টাৰনেচনেল ডেস্ক:

মগ্ৰ বিশ্বতে কেডবেৰী চকলেটক লৈ সৃষ্টি হৈছে আতংকৰ৷  ইউৰোপতো লাখ লাখ লোকে বৰ্জন কৰিছে কেডবেৰী চকলেট৷ লিষ্টেৰিয়াৰ আশংকাৰ বাবে বৃটেইনৰ দোকানে দোকানে হাজাৰ হাজাৰ কেডবেৰী সামগ্ৰী বৰ্জন কৰা হৈছে। লিষ্টেৰিয়াৰ সম্ভাৱ্য উপস্থিতিৰ বাবে কেডবেৰীৰ নিৰ্মাতা মুলাৰে ফ্লেক আৰু ডেইৰী মিল্ক বাটনকে ধৰি ৬টাকৈ কেডবেৰীৰ সামগ্ৰীৰ বিক্ৰী প্ৰত্যাহাৰ কৰাৰ কথা প্ৰকাশ কৰিছে। স্বাস্থ্য বিভাগৰ মতে লিষ্টেৰিয়া সংক্ৰমণ হৈছে এক খাদ্যবাহিত বেক্টেৰিয়াজনিত ৰোগ, যাক লিষ্টেৰিঅচিছ বুলি কোৱা হয়৷ সাধাৰণতে লিষ্টেৰিয়া ঠাণ্ডা খাদ্যত পোৱা যায়। ইয়াৰ দ্বাৰা মানুহৰ শৰীৰত ভয়ংকৰ ‘লিষ্টেৰিয়াছিছ’ সংক্ৰমণৰ সৃষ্টি হ’ব পাৰে। তথ্য অনুসৰি ক্ৰাঞ্চি, ডাইম, ফ্লেক, ডেইৰী মিল্ক বুটাম আৰু ডেইৰী মিল্ক চকলেট ডেজাৰ্টক লৈ ব্যক্তিগতভাৱে বিক্ৰী কৰা চুপাৰমাৰ্কেট সমূহত সতৰ্কবাণী জাৰি কৰা হৈছে৷।

You might also like
Leave A Reply

Your email address will not be published.