জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ বৃহৎ সফল অভিযান!

সেনাৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হয় দুটাকৈ সন্ত্ৰাসবাদী

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ বৃহৎ সফল অভিযান। বুধবাৰে ভাৰত আৰু পাকিস্তানৰ নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই। সেনাৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হয় দুটাকৈ সন্ত্ৰাসবাদী। মৃত সন্ত্ৰাসবাদী দুটাৰ পৰা দুটা এ কে ৪৭ ৰাইফল, ৬টা এ কে ৪৭ মেগজিন, এ কে ৪৭ৰ ১৫৯ ৰাউণ্ড গুলী, দুটা হেণ্ড গ্ৰেনেড, পাকিস্তানী নোট আৰু চিগাৰেট জব্দ কৰে।

জানিব পৰা মতে, কুপৱাৰাৰ এছ এছ পিয়ে প্ৰদান কৰা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত মাছল খণ্ডৰ ফালে সন্ত্ৰাসবাদী লঞ্চ পেড এটাৰ ওপৰত সেনাই চলাইছিল এই অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.