আজি ৪ মে’

▶️আজি খনি শ্ৰমিক দিৱস।
▶️১৭৯৯ চনৰ আজিৰ দিনটোতেই ইংৰাজৰ সৈতে হোৱা যুদ্ধত মহীশূৰৰ (বৰ্তমানৰ কৰ্ণাটক) চুলতান টিপু চুলতানৰ মৃত্যু হৈছিল।
▶️১৮৫৪ চনৰ এই দিনটোতেই প্ৰথমটো ভাৰতীয় ডাকটিকটৰ আনুষ্ঠানিক প্ৰকাশ। সেই বছৰতেই কলকাতাত ভাৰতৰ প্ৰথমটো আধুনিক ডাকঘৰ মুকলি কৰা হয়।ইয়াৰ পূৰ্বে ডাকসেৱাৰ বাবে প্ৰথমটো কাৰ্যালয় খোলা হৈছিল ১৭৭৪ চনৰ ৩১ মাৰ্চত।
▶️১৯২৪ চনৰ আজিৰ দিনটোতেই পেৰিছত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯২৭ চনৰ এই দিনটোতেই ‘একাডেমী অৱ মোছন পিকচাৰ আৰ্ট এণ্ড চাইন্স’ গঠন। এই অনুষ্ঠানেই প্ৰদান কৰে অস্কাৰ বঁটা।
▶️১৯৩১ চনৰ এই দিনটোতেই তুৰস্কৰ ৰাষ্ট্ৰপতি ৰূপে কামাল পাছাৰ কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্ম হৈছিল।
▶️১৯৫৩ চনৰ এই দিনটোতেই ‘অল্ড মেন এণ্ড দা ছী’ গ্ৰন্থৰ বাবে আৰ্নেষ্ট হেমিংৱেলৈ পুলিৎজাৰ বঁটা।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই বৃটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ৰূপে মাৰ্গাৰেট থেচ্চাৰৰ কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই যুগোশ্লাভিয়াৰ কমিউনিষ্ট নেতা,প্ৰাক্তন ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ মৃত্যু ঘটিছিল।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই এন্দ্ৰু গৌৰলে ক্লৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৪৬ চনৰ ৩ এপ্ৰিললৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই আকবৰ হাইদৰীৰ অসমৰ ৰাজ্যপাল ৰূপে দ্বায়িত্ব গ্ৰহণ। ১৯৪৮ চনৰ ২৮ ডিচেম্বৰলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইটজাক ৰাবীন আৰু পেলেষ্টাইনৰ নেতা য়াছেৰ আৰাফটৰ মাজত ঐতিহাসিক চুক্তি।এই চুক্তি অনুসৰি ‘গোজা’ আৰু ‘জেৰিকো’ক সম্পূৰ্ণৰূপে পেলেষ্টাইনৰ হাতত সমৰ্পণ।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ‘টাইম’ আলোচনীয়ে প্ৰকাশ কৰা পৃথিৱীৰ ১০০ প্ৰভাবশালী ব্যক্তিৰ তালিকাত ভাৰতৰ ছোনিয়া গান্ধী,লক্ষ্মী মিট্টাল আৰু ইন্দ্ৰা নুয়ীৰ নাম অন্তৰ্ভুক্ত।।

You might also like
Leave A Reply

Your email address will not be published.