জুৰীয়াত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

নগাওঁ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্রই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছৰে পৰাই নিতৌ গ্ৰেপ্তাৰ হৈ আহিছে ইটোৰ পাছত সিটোকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। আজি সন্ধিয়া জুৰীয়া আৰক্ষীয়ে এক অভিযান চলাই থানা খনৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ পৰা বিপুল পৰিমানৰ ব্ৰাউন চুগাৰ সহ হবিবুৰ ৰহমান নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বিগত কেবা বছৰৰ পৰাই ধৃত হবিবুৰে নিষিদ্ধ ড্ৰাগছৰ এক বৃহৎ ব্যৱসায় চলাই আহিছে বুলি জানিব পৰা গৈছে। মধ্য আৰু পূব জামুগুৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মইনুল হক চৌধুৰী আৰু আব্দুৰ ৰহমানৰ তৎপৰতাত জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা এই অভিযানত দগাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়ায়ো সংগ দিয়ে।আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ব্ৰাউন চুগাৰ, শতাধিক খালি কণ্টেইনাৰৰ লগতে AS 02D 7365 নম্বৰৰ টি ভি এছ মটৰ চাইকেল এখনো জব্দ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.