মোডী চৰকাৰৰ ৭ বছৰ

নিউজ ডেস্ক, এন ই ভাৰত

আজি নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কেন্দ্ৰত সপ্তম বৰ্ষপূৰ্তি। ২০১৯ চনৰ ৩০ মে’ৰ দিনটোত কেন্দ্ৰত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে চৰকাৰৰ দায়িত্ব লৈ প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে।

সপ্তম বৰ্ষপূৰ্তিৰ দিনটোতে ৭৭ সংখ্যক ‘মন কি বাত’ত বিজেপি নেতৃত্বাধীন চৰকাৰখনক আস্থাত লৈ সমবিকাশৰ মনোভাৱেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰা দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

ক’ভিড পৰিস্থিতিৰ লগতে শেহতীয়া উপৰ্য্যুপৰি ঘূৰ্ণীৰ তাণ্ডৱৰ সময়ত প্ৰত্যাহ্বানৰ সন্মূখীন হৈও মনোবল অটুত ৰাখি চৰকাৰক সাহস যোগোৱা দেশবাসীক প্ৰণিপাত জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.