GMCHত সাংবাদিকক কি ক’লে মুখ্যমন্ত্ৰীয়ে

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

GMCHত ক’ভিড পৰিস্থিতি বুজ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ-


আজিৰে পৰা DRDOৰ 2-DG ঔষধ প্ৰদান কৰা হ’ব।
প্ৰথম পৰ্যায়ত ১৩ গৰাকী ৰোগীক প্ৰদান কৰা হ’ব 2-DG ঔষধ।
বাৰিচিতানভ নামৰ মেডিচিন ব্যৱহাৰ কৰি চিকিৎসাৰ ডিউৰেচন হ্ৰাস কৰাত ভাল ফল পাইছে GMCHয়ে।
বাৰিচিতানভ মেডিচিনৰ ব্যৱহাৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে।
১৮+ৰ ভেকচিন ৰাজ্যত বৰ্তমান ২০ হাজাৰ মানহে মজুত আছে।
মহানগৰীত শীঘ্ৰেই মুকলি হ’ব ৫০০খন ICU বেড I
ইয়াৰে ২০০খন বিছনা GMCHত, ৩০০খন বেড সৰুসজাইৰ DRDO হাস্পতালত থাকিব।
১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে জুনমাহত ৰাজ্যত পাবহি ৭ লাখ ভেকচিন।
৪৫ বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে এতিয়াও ৰাজ্যত পৰ্যাপ্ত আছে ভেকচিন।
১৫ আগষ্টৰ ভিতৰত ৰাজ্যত ৩০ শতাংশ লোকক ভেকচিন দি সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।
ভেকচিন কিনিবৰ বাবে আৰোগ্যনিধী আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সহায়ৰ হাত আগবঢ়োৱা ৰাইজক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ ।
বৰ্তমানলৈ এই দুয়োটা নিধিত ৪৩ কোটি টকা জমা হৈছে ।
মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ আজি সন্ধিয়া দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে।
গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি সভাপতি জে পি নাড্ডাকো সাক্ষাতৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ। ।

You might also like
Leave A Reply

Your email address will not be published.