জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ আন এক ঐতিহাসিক কৃতিত্ব!

স্প’ৰ্টছ ডেস্ক:

ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ আন এক ঐতিহাসিক কৃতিত্ব।বৃহস্পতিবাৰে ছুইজাৰলেণ্ডৰ জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগ ফাইনেলৰ সন্মানীয় খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় এথলিট হিচাপে পৰিগণিত হয় গোল্ডেন বয় নীৰজ চোপ্ৰা। অলিম্পিকৰ সোণৰ পদক বিজয়ী নীৰজে প্ৰতিযোগিতাত এটা ফাউলৰ সৈতে আৰম্ভণি কৰিছিল যদিও দ্বিতীয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ থ্ৰ’ কৰি শীৰ্ষ স্থান অৰ্জন কৰে । ২৪ বছৰীয়া নীৰজে মাত্ৰ ১৩ মাহতেই অলিম্পিক চেম্পিয়ন, বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক আৰু ডাইমণ্ড লীগৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.