আজি ১০ ছেপ্টেম্বৰ

➡️১৮৭২ চনৰ আজিৰ দিনটোতে ৰঞ্জি ট্ৰফীৰ বাবে বিখ্যাত ৰঞ্জিত সিংজীৰ জন্ম হৈছিল।
➡️১৮৮৭ চনৰ ১০ ছেপ্টেম্বৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা গোবিন্দ বল্লভ পন্তৰ জন্ম হৈছিল।
➡️প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী আৰ্থাৰ হোলি কম্পটনৰ জন্ম হৈছিল ১৮৯২ চনৰ ১০ ছেপ্টেম্বৰত। ১৯২৭ চনত তেওঁ পদাৰ্থ-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
➡️১৮৯৩ চনৰ ১০ ছেপ্টেম্বৰত আততায়ীৰ হাতত নিহত হৈছিল অষ্ট্ৰিয়াৰ সম্ৰাজ্ঞী ।
➡️১৯১৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক সতেন্দ্ৰ নাথ শৰ্মাৰ জন্ম হৈছিল ।
➡️বাংলা শিশু সাহিত্যৰ যশস্বী লেখক সুকুমাৰ ৰায়ৰ মৃত্যু হৈছিল ১৯২৩ চনৰ ১০ ছেপ্টেম্বৰত।
➡️১৯৩৩ চনৰ আজিৰ দিনটোতে কবি, শিল্প সমালোচক নীলমণি ফুকনৰ জন্ম হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে ছিডনী অলিম্পিক আৰম্ভ হৈছিল । এই সমাৰোহ ১ অক্টোবৰলৈকে চলিছিল ।
➡️তেল আভিভত সংঘটিত বোমা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ প্ৰধান মন্ত্ৰী এৰিয়েল শ্বেৰনৰ ভাৰত ভ্ৰমণ অসমাপ্ত হৈছিল ২০০৩ চনৰ ১০ ছেপ্টেম্বৰত।।

You might also like
Leave A Reply

Your email address will not be published.