লস্কৰ-ই-তৈবাৰ এটা বৃহৎ অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ মডিউল উৎখাট!

নেচনেল ডেস্ক:

জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা। লস্কৰ-ই-তৈবাৰ এটা বৃহৎ অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ মডিউল উৎখাট। কাশ্মীৰৰ চপ’ৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুটা লস্কৰ-ই-তৈবাৰ অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ। জানিব পৰা মতে, চপ’ৰ আৰক্ষী থানাৰ অধীনত থকা গৌছিয়াবাদ চৌক চিংকিপোৰাৰ সমীপত সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটীয়া চেকপইণ্ট এটাত ডাংগাৰপোৰাৰ পৰা চিংকিপোৰা অভিমুখে যোৱা দুজন সন্দেহজনক লোকৰ গতিবিধি পৰ্যবেক্ষণ কৰি তেওঁলোকক ৰ’বলৈ অনুৰোধ কৰা হয়। কিন্তু তেওঁলোকে পলায় যাবলৈ চেষ্টা কৰাৰ সময়তে দুই সন্দেহজনক লোকক আটক কৰে আৰক্ষীয়ে। ধৃত বন্দিপোৰা নিবাসী ছাকিৰ আকবেৰ গোজৰী আৰু বাৰামুল্লাৰ বাসিন্দা মোহছিন ৱানী বুলি জানিব পৰা গৈছে। ধৃত দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে দুটা গ্ৰেনেড উদ্ধাৰ কৰে। তদন্তৰ সময়ত আটকাধীন দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে আন দুটা সহযোগী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চপ’ৰৰ বাসিন্দা হিমায়ুন শ্বৰিক আৰু নাদিহাল ৰফিয়াবাদৰ বাসিন্দা ফৈজান আশ্ৰফ ৱানী । ধৃত দুই অভিযুক্তৰ পৰা চীনা হেণ্ডগান, পিষ্টলৰ মেগজিন, সাতটা সজীৱ পিষ্টলৰ গুলী, ২৫টা এ কে ৪৭ গুলীৰ লগতে বুজন পৰিমানৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.