ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৭৫ গৰাকী লোক। আক্ৰান্ত সকলৰ ২০ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৬ গৰাকী গোৱালপাৰা জিলাৰ, ৬ গৰাকী শিৱসাগৰ জিলাৰ, ৫ গৰাকী মৰিগাঁও জিলাৰ, ৫ গৰাকী তিনিচুকীয়া জিলাৰ আৰু ১ গৰাকী যোৰহাট জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.৩২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,৫৫৪ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৮ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৪৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৮,৮৫০ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.