ডিলাইত সোনৰ বিস্কুট সহ ২ যুৱকক আটক

ড্ৰাগছ নহয়,এইবাৰ বোকাজানত প্ৰায় ৮ কোটি টকাৰ সোনৰ বিস্কুট উদ্ধাৰ। আজি বিয়লি প্ৰায় ৬:৩০ বজাত ডিলাই আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়তে ডিলাই তিনিআলিত আৰক্ষীয়ে ৪৯ টুকুৰা সোনৰ বিস্কুট সহ আটক কৰে ২ সৰবৰাহকাৰীক। AS01-EV-2350 নম্বৰৰ ভেন্যু গাড়ী এখনত ব্লেক টেপেৰে মেৰিয়াই অনা চাৰিটা পেকেটত আৰক্ষীয়ে উদ্ধাৰ কৰে ৮.০১৮ কিলোগ্ৰাম ওজনৰ সোনৰ বিস্কুট সমূহ। সোন সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ থৌবাল আৰু চেনাপতি অঞ্চলৰ বাসিন্দা ক্ৰমে প্ৰকাশ বাছনেট (৩২) আৰু সুভাষ বিষ্টা (২৪) নামৰ দুই যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.