নিউজ ডেস্ক
অসমৰ ধৰ্মীয় পীঠসমূহৰ ভিতৰত অন্যতম ঐতিহাসিক পীঠ হৈছে ঢেকীয়াখোৱা বৰনামঘৰ । সুদীৰ্ঘ ৪৯৪ বছৰ ধৰি ঢেকীয়াখোৱা বৰনামঘৰত জ্বলি আছে এগছি অক্ষয় বন্তি । বন্তিগছি প্ৰজ্বলন কৰা দিনৰ পৰা আজি পৰ্যন্ত প্ৰজ্বলিত হৈ থকাৰ বাবে এই বন্তিগছিক সকলোৱে অক্ষয় বন্তি বুলি অভিহিত কৰে ৷ ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে জ্বলাইছিল বন্তিগছি । ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে বন্তিগছি । এই বন্তিগছিকে এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে “দীৰ্ঘতম সময়ৰ প্ৰজ্বলিত বন্তি ” ৰূপে স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এই স্বীকৃতিৰ পাছতে বন্তিগছি এতিয়া ৰূপৰ পাত্ৰত অত্যাধুনিক কাৰিকৰী কৌশল অৱলম্বন কৰি নামঘৰ পৰিচালনা সমিতিয়ে মূল মণিকূটত সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।।