ইন্টাৰনেচনেল ডেস্ক:
থাইলেণ্ডত উৎখাত বৃহৎ জুৱাৰ ঘাটি। থাইলেণ্ডৰ এখন বিলাসী হোটেলৰ পৰা গ্ৰেপ্তাৰ ৮৩জন ভাৰতীয়সহ ৯৩ জুৱাৰীক। থাইলেণ্ডৰ বাং লামুং জিলাৰ এছিয়া পাটায়া হোটেলত পুৱাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুৱাৰীকেইটাক।
জানিব পৰা মতে, আটকাধীন জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১.৬০ লাখ ভাৰতীয় মুদ্ৰা, ২০ কোটি টকাৰ জুৱাৰ চিপছ, ৯২ টা ম’বাইল ফোন আৰু ৮ টা চিচিটিভি কেমেৰা। আৰক্ষীয়ে জনোৱা অনুসৰি, জুৱা খেলত ব্যৱহৃত সকলো সঁজুলি ভাৰতৰ পৰা অনা হৈছিল। ইতিমধ্যে জুৱাৰী চক্ৰটোৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।