নতুন SOP ত কি কি নিৰ্দেশনা?

আজিৰে পৰা কাৰ্যকৰী হোৱা ৰাজ্য চৰকাৰৰ নতুন ক’ভিড SOP

▶️আজিৰে পৰা নিশা ৯ বজালৈকে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ
▶️নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
▶️ৰাজহুৱা অনুষ্ঠান, সভা-সমিতিত ৫০ গৰাকীয়ে অংশ ল’ব পাৰিব
▶️অংশগ্ৰহণকাৰী সকলে ক’ভিডৰ দুয়োপালি ভেকচিন লোৱা বাধ্যতামূলক
▶️৫০ শতাংশ দৰ্শকেৰে চিনেমা হল খোলাৰ অনুমতি
▶️দুয়োপালি প্ৰতিষেধক লোৱা লোকহে যাব পাৰিব চিনেমা হললৈ
▶️উপায়ুক্তৰ অনুমতি লৈ ২০০ মানুহেৰে পাতিব পাৰিব সভা-সমিতি
▶️সভা-সমিতিত উপস্থিতসকলৰ দুয়োপালি ভেকচিন বাধ্যতামূলক
▶️কামাখ্যা মন্দিৰ, শিৱ দৌল, পোৱামক্কাত ঘণ্টাত দৰ্শন কৰিব পাৰিব ৬০ জনে
▶️আন ধৰ্মীয় স্থানত ঘণ্টাত ৪০ জন লোক প্ৰৱেশ কৰিব পাৰিব
▶️শিক্ষক-কৰ্মচাৰীয়ে ভেকচিন লোৱাৰ তালিকা শিক্ষানুষ্ঠানৰ সন্মুখত ৰাখিব লাগিব
▶️ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰত SOPত নতুন কোনো নিৰ্দেশনা নাই
▶️এই বিষয়ে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই সিদ্ধান্ত ঘোষণা কৰিব
▶️স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ দৰ্শকৰে নাট প্ৰদৰ্শনত চৰকাৰৰ অনুমতি
▶️শিল্পী, কলা-কুশলী, দৰ্শক সকলোৰে বাবে দুয়োপালি ভেকচিন বাধ্যতামূলক
▶️সকলো চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে ভেকচিন বাধ্যতামূলক
▶️ভেকচিন নল’লে বাতিল হ’ব হিতাধিকাৰীৰ তালিকাৰ পৰা নাম
????স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ঘোষণা কৰিলে এই নতুন ক’ভিড SOP

You might also like
Leave A Reply

Your email address will not be published.