সমগ্ৰ দেশতে বলি আছে নিৰ্বাচনী বতাহ। নিৰ্বাচনক লৈ সমানে তৎপৰ প্ৰশাসন। কিন্তু লোকসভা নিৰ্বাচনৰ গৰম বতাহৰ মাজতেই বিহাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে JD(U) দলৰ যুৱনেতা গুলীয়াই হত্যা অচিনাক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ।
জানিব পৰা মতে, বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথত সৌৰভ কুমাৰ নামৰ নেতাগৰাকীক হত্যা কৰে দুৰ্বৃত্তই। এখন বাইকত আহিছিল ৪জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে যুৱনেতা গৰাকীক গুলীয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে এই গুলীচালনাৰ ফলতে গুৰুতৰভাৱে আহত হয় মুনমুন কুমাৰ নামৰ আন এজন ব্যক্তি।
পাটনাৰ পাৰছা বজাৰ গাঁৱত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি সৌৰভ কুমাৰৰ মূৰত দুটাকৈ গুলীয়ে আঘাত কৰাৰ ফলত মৃত্যু হয় যুৱনেতাগৰাকীৰ। আনহাতে তিনিটা গুলীয়ে ভেদি যায় মুনমুন কুমাৰৰ দেহ। গুলীবিদ্ধ হোৱাৰ পিছত দুয়োকে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় সৌৰভ কুমাৰৰ। বৰ্তমানেও চিকিৎসাধীন হৈ আছে মুনমুন কুমাৰ।
উল্লেখ্য যে দুৰ্বৃত্তৰ সন্ধানত পাটনা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইতিমধ্যে মৃত JD(U) নেতা সৌৰভ কুমাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰাজনৈতিক শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like