কাইলৈ দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ৬১ প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা

কাইলৈ দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ ১৩খন ৰাজ্যৰ মুঠ ৮৮ টা সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কেৰেলাৰ ২০টা সমষ্টি, ৰাজস্থানৰ ১৩টা সমষ্টি, কৰ্ণাটকৰ ১৪টা সমষ্টি, উত্তৰপ্ৰদেশৰ ৮টা সমষ্টি, মধ্যপ্ৰদেশৰ ৬টা সমষ্টি, অসমৰ ৫টা সমষ্টি, ছত্তিসগড়ৰ ৩টা সমষ্টি, বিহাৰৰ ৫টা সমষ্টি, মহাৰাষ্ট্ৰৰ ৮টা সমষ্টি, পশ্চিম বংগৰ ৩টা সমষ্টি, ত্ৰিপুৰাৰ ১টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১টা সমষ্টি আৰু প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা মণিপুৰৰ ২ সমষ্টিৰ কিছু অংশত ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

দেশৰ লগতে অসমো প্ৰায় সাজু হৈ উঠিছে দ্বিতীয় পৰ্যায়ৰ ভো
গ্ৰহণৰ বাবে।কাইলৈ ভোটগ্ৰহণ হ’বলগীয়া ৰাজ্যৰ ৫ সমষ্টি হ’ল ডিফু, দৰং-ওদালগুৰি, শিলচৰ, কৰিমগঞ্জ আৰু নগাঁও। দ্বিতীয় পর্যায়ত বিভিন্ন দলৰ পৰা অসমত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৬১ গৰাকী প্রার্থীয়ে। দ্বিতীয় পৰ্যায়ত অসমত ভোটদান কৰিব প্রায় ৭৭.২৬ লাখ ভোটাৰে।
ৰাজ্যত ৮০ৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা ২ লাখ ৭২ হাজাৰৰো অধিক। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ডিফু সমষ্টিৰ ভোটাৰৰ সংখ্যা সৰ্বনিম্ন। ডিফু সমষ্টিত আছে মুঠ ৮ লাখ ৯২ হাজাৰ ৭৮৯ জন ভোটাৰ। ৰাজ্যত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া তিনিটা পর্যায়ত আছে মুঠ ২৬৬ টা আদর্শ ভোটগ্রহণ কেন্দ্ৰ। ইয়াৰে দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৩৬ টা। মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ১,৫৫১টা। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে নির্বাচন।

You might also like
Leave A Reply

Your email address will not be published.