অভিনেত্ৰী তমন্না ভাটিয়ালৈ চমন জাৰি

IPLৰ অবৈধ ষ্ট্ৰীমিং সন্দৰ্ভত চমন বলীউদৰ অভিনেত্ৰীগৰাকীলৈ

লীউডৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়ালৈ চমন জাৰি। আই পি এলৰ অবৈধ মেচ ষ্ট্ৰীমিং গোচৰত চমন জাৰি কৰা হৈছে অভিনেত্ৰীগৰাকীলৈ। মহাৰাষ্ট্ৰ চাইবাৰ চেলে প্ৰেৰণ কৰিছে এই চমন। ২০২৩ চনৰ IPLৰ অবৈধ ষ্ট্ৰীমিং গোচৰত ২৯ এপ্ৰিলত মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে তমন্না ভাটিয়াক।
উল্লেখ্য যে এই গোচৰৰ সৈতে তাৰকা অভিনেতা সঞ্জয় দত্তৰ নামো সাঙোৰ খাইছে। অভিনেতা সঞ্জয় দত্তকো এই সন্দৰ্ভত ২৩ এপ্ৰিলত চাইবাৰ চেলৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ উপস্থিত নহ’ল। ইয়াৰ তেওঁ নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ বাবে পৰৱৰ্তী তাৰিখ আৰু সময় বিচাৰি ২৩ এপ্ৰিলত তেওঁ ভাৰতত নাছিল বুলি উল্লেখ কৰে।
অভিযোগ অনুসৰি অভিনেত্ৰী তমন্না ভাটিয়া আৰু অভিনেতা সঞ্জয় দত্তই ফেয়াৰপ্লেৰ মহাদেৱ বেটিং এপৰ সহযোগী এপৰ প্ৰচাৰ আৰু সমৰ্থন কৰিছিল। খবৰ অনুসৰি, বিভিন্ন প্লেটফৰ্মত ফেয়াৰ প্লে এপটোকো সমৰ্থন কৰা ২০ জনতকৈ অধিক প্ৰভাৱশালী ব্যক্তিক অতিশীঘ্ৰেই তেওঁলোকৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ চাইবাৰ চেলৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হ’ব। প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ভায়াকম১৮-এ আই পি এলৰ মেচ ষ্ট্ৰীমিং কৰাৰ বাবে তেওঁলোকৰ হাতত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ থকা বুলি অভিযোগ কৰাৰ পিছত গোচৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পিছতো বেটিং এপ ফেয়াৰ প্লে প্লেটফৰ্মে তেওঁলোকৰ প্লেটফৰ্মত অবৈধভাৱে মেচসমূহ ষ্ট্ৰীমিং কৰি আছিল। ইয়াৰ ফলত ভায়াকম১৮ৰ ১০০ কোটিৰো অধিক লোকচান হয়। এজাহাৰ দাখিলৰ পিছতে বাদশ্বাহ, সঞ্জয় দত্ত, জেকলিন ফাৰ্নাণ্ডেজ আৰু তমন্না ভাটিয়াকে ধৰি কেইবাগৰাকীও তাৰকাক সোধা-পোছাৰ বাবে মাতি অনা হয়। উল্লেখ্য যে, ২০২৩ চনৰ ডিচেম্বৰ মাহত উক্ত বেটিং এপটোৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.