২৬ এপ্রিল

আন্তর্জাতিক মেধাসম্পন্ন দিৱস। টাঞ্জানিয়াৰ ঐক্য দিবস।

➡️১৪৭৮ সমগ্র বিশ্বতে প্রথমবাৰৰ বাবে ইষ্টাৰ উৎসৱ পালন। খ্ৰীষ্টানসকলৰ মাজত যীশুখ্ৰীষ্টৰ মৃত্যুৰ পিছত সমাধিৰ পৰা উঠি আহিছিল বুলি বিশ্বাস প্রচলিত। মৃত্যুৰ পৰা যীশু পুনর্জীৱিত হোৱা এই দিনটোত তেওঁলোকে ইষ্টাৰ উৎসৱ পালন কৰে।

➡️১৫৬৪ ইংৰাজ নাট্যকাৰ, কবি উইলিয়াম শেক্সপীয়েৰৰ জন্ম।

➡️১৯২০ বিশিষ্ট গণিতজ্ঞ শ্রীনিবাস ৰামানুজনৰ মৃত্যু। এটা গোটা সংখ্যাক দুটা সৰু সৰু গোটা সংখ্যাৰ যোগফল হিচাপে কিমান ধৰণে প্ৰকাশ কৰিব পাৰি, তাক নিৰ্ণয় কৰিব পৰাৰ বাবে ৰামানুজন বিখ্যাত।

➡️১৯২১ শ্রমিক নেতা নিবাৰণ বৰাৰ জন্ম।

➡️১৯৪৫ ভাৰতীয় ক্রিকেটাৰ (পিছলৈ আম্পায়াৰ) ভি কে ৰামস্বামীৰ জন্ম। এওঁ ১৯৯৬ চনৰ বিশ্বকাপত আম্পায়াৰিং কৰিছিল।

➡️১৯৬৪ টাঞ্জানিয়াৰ ঐক্য দিৱস। এই দিনটোতে টাংগানাইকা আৰু জাঞ্জিবাৰ একত্ৰিত হৈ টাঞ্জানিয়া নামৰ নতুন ৰাষ্ট্ৰখন গঠন হয়।

➡️১৯৭৫ ছিকিমক ভাৰতৰ অংগৰাজ্য হিচাপে গণ্য কৰি সংসদত এখন বিধেয়ক গৃহীত। এই বিধেয়ক পিছত আইনত পৰিণত হয় আৰু সেই অনুসৰি ১৯৭৫ চনৰে ১৬ মে’ৰ পৰা ছিকিমে ভাৰতৰ অংগৰাজ্যৰ মৰ্যাদা লাভ কৰে।

➡️১৯৮৬ ৰাছিয়াৰ চেৰনোবিল পাৰমাণৱিক উৎপাদন কেন্দ্রত ভয়াৱহ দুর্ঘটনা, ৩১জনৰ মৃত্যু।

➡️১৯৯০ চীনত ভয়াৱহ ভূমিকম্প, ১২৬জনৰ মৃত্যু। ৰিষ্টাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য আছিল ৬.৯।

➡️১৯৯০ একেৰাহে ৪৬৩ ঘণ্টা নাচি ভাৰতৰ ভি আৰ পি মেননৰ বিশ্ব অভিলেখ স্থাপন।

➡️১৯৯৯ দ্বাদশ লোকসভা ভংগ; দেশত মধ্যৱৰ্তী নির্বাচন ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.