দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

EVMক উচ্চতম ন্যায়ালয়ৰ ক্লীনশ্বীট

চ্চতম ন্যায়ালয়ে আজি VVPAT পদ্ধতিৰ জৰিয়তে সৃষ্টি হোৱা কাগজৰ শ্লিপৰ সৈতে ইলেক্ট্ৰনিক ভোটিং মেচিনত দিয়া ভোটৰ ১০০% প্ৰমাণীকৰণ বিচৰা আৱেদন নাকচ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপংকৰ দত্তৰ দুজনীয়া বিচাৰপীঠে শুকুৰবাৰে প্ৰদান কৰে ৰায়দান। ৰায় প্ৰদান কৰি EVMত গণনা কৰি পোৱা ভোট আৰু VVPATৰ শ্লিপ গণনা কৰি ভোট মিলাবলৈ নিৰ্দেশ দিবলৈ মান্তি নহ’ল উচ্চতম ন্যায়ালয়৷ লগতে বেলট পেপাৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ আবেদনকো খাৰিজ কৰিছে দেশৰ শীৰ্ষ আদালতে৷ আদালতে সকলো আবেদন নাকচ কৰি কয় যে, কাৰিকৰী দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰি সকলো আবেদন নাকচ কৰা হৈছে।

দেশত একাংশ দল তথা ব্যক্তিবিশেষে EVMৰ প্ৰতি সন্দেহ কৰি আহিছে৷ তেনে সময়তে কিছু সংস্থা আৰু ব্যক্তিবিশেষে উচ্চতম ন্যায়ালয়ৰ কাষ চাপি EVMৰ পৰিৱৰ্তে বেলট পেপাৰত ভোটদান কৰাৰ আহ্বান জনাইছিল৷ আনহাতে, সমূহ EVMৰ সৈতে সংলগ্ন VVPATৰ শ্লিপ গণনা কৰিবলৈ নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছিল৷কিন্তু এই সকলো আবেদন খাৰিজ কৰিছে ন্যায়ালয়ে৷ ন্যায়ালয়ে কয় যে, এটা ব্যৱস্থাক অন্ধভাৱে অবিশ্বাস কৰিলে অবাঞ্ছিত সন্দেহৰ সৃষ্টি হ’ব পাৰে৷ এই কথা উল্লেখ কৰি ন্যায়াধীশ দীপংকৰ দত্ত আৰু ন্যায়াধীশ সঞ্জীৱ খান্না কাগজৰ বেলটত ভোটদান কৰাৰ আবেদন খাৰিজ কৰে।
আজি এই বিষয়ত ৰায়দান প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়োগক ২টা বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে৷ EVMত ভোটদানৰ পাছত ভোটাৰৰ শ্লিপসমূহ জমা থকা VVPAT ইউনিটটো কমেও ৪৫ দিনৰ বাবে সংৰক্ষণ কৰিব লাগিব। সংৰক্ষণ ব্যৱস্থা সমূহীয়া হ’ব লাগিব আৰু প্ৰাৰ্থীসকলে স্বাক্ষৰ কৰি মোহৰ লগাই চীল কৰিব লাগিব৷ ফলাফল ঘোষণাৰ পাছত কমেও ৪৫ দিন ষ্ট’ৰ ৰুমত ৰাখিব লাগিব EVM তথা VVPAT ইউনিট৷
যদি দ্বিতীয় আৰু তৃতীয় স্থানত থকা পৰাজিত প্ৰাৰ্থীয়ে বিচাৰে তেন্তে ইভিএমৰ মাইক্ৰ’ কণ্ট্ৰোলাৰৰ ৰ্বাণ্ট মেম’ৰী অভিযন্তাৰ দলৰ দ্বাৰা পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব৷ ফলাফল ঘোষণাৰ ৭ দিনৰ ভিতৰত অভিযন্তাৰ দলৰ দ্বাৰা মেম’ৰী পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে।
কিন্তু এই সমস্ত প্ৰমাণীকৰণৰ বাবে খৰচ হোৱা টকা বহন কৰিব লাগিব আবেদনকাৰী প্ৰাৰ্থীয়ে৷ যদি ইভিএমৰ সৈতে খেলিমেলি ধৰা পৰে তেন্তে সেই ধন প্ৰাৰ্থীয়ে ঘূৰাই পাব৷ যদি খেলি-মেলি ধৰা নপৰে তেন্তে ধন ঘূৰাই নাপাব৷ ইপিনে পূৰ্বৰ দৰেই প্ৰতিটো বিধানসভা সমষ্টিৰ ৫টাকৈ EVMৰ VVPAT শ্লিপ গণনা কৰিব লাগিব বুলিও ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে৷

You might also like
Leave A Reply

Your email address will not be published.